
তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ গণ বিক্ষোভ কাৰ্যসূচী
চৰকাৰে শৰণীয়া কছাৰী সকলৰ ধৈৰ্য্যৰ পৰীক্ষা নলব— দীপজ্যোতি শৰণীয়া।
তামুলপুৰ ১৭ জুলাইঃ
তামুলপুৰ জিলা সদৰৰ প্ৰয়াত লেহোৰাম ৰাম বড়োৰ সমন্বয় ক্ষেত্ৰত আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শৰণীয়া কছাৰীক পূৰ্বৰ দৰে কছাৰী জাতি হিচাপে জনজাতি প্ৰমান-পত্ৰ প্ৰদান, পূৰ্বৰ ১৯৬১ চনৰ লোকপিয়লৰ দৰে ২০২৬ চনৰ লোকপিয়লত শৰণীয়া কছাৰীক শৰণীয়া কছাৰী হিচাপে অন্তৰ্ভুক্ত কৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত কেইবা সহস্ৰাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰুষ মহিলাই আজি গণ বিক্ষোভৰে উত্তাল কৰি তোলে। প্ৰখৰ ৰ’দক নেওচি নিজৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদকাৰী সকলে আমাৰ দাবী ন্যায্য দাবী, শৰণীয়া কছাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব, শৰণীয়া কছাৰী বিৰোধী চক্ৰ হুচিয়াৰ, শাসিত পৰিষদ প্ৰদান কৰক, শৰণীয়া কছাৰী ঐক্য জিন্দাবাদ, নো চল্যুচন নো ৰেষ্ট, বিৰোধী চক্ৰ নিপাত যাওক, ভিক্ষা নহয় অধিকাৰ লাগে, আমাক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰক, শৰণীয়া কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদী কাৰ্যসূচী অংশ কৰি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই কয় যে– শৰণীয়া কছাৰী সকলক চৰকাৰে ধৈৰ্য্যৰ পৰীক্ষা নলব। শৰণীয়া কছাৰী সকলৰ ধৈৰ্য্যৰ পৰীক্ষা ললে অনাগত দিনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব। ধৈৰ্ঘ্যৰ সীমা পাৰ হলে শৰণীয়া কছাৰী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। ভাষণ তেওঁ পুণৰ কয়– আমি প্ৰথমে শৰণীয়া, তাৰ পিছত অসমীয়া আৰু তাৰ পিছতহে আমি ভাল ভাৰতীয়। আমাৰ সমস্যা স্থায়ী সমাধান হ’ব লাগিব। আমাক বঞ্চনা কৰা সহ্য কৰা নহ’ব বুলিও প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক হুংকাৰ প্ৰদান কৰে দীপজ্যোতি শৰণীয়াই। ইপিনে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই কয়– তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি গৰাকীয়ে শৰণীয়া কছাৰী সকলক জনজাতি নহয় বুলি কৈছে, এইক্ষেত্ৰত আমি ট্ৰাইবেল সংঘৰ তামুলপুৰ জিলাৰ সভাপতি গৰাকীক প্ৰত্যাহ্বান জনাব বিছাৰো যে, শৰণীয়া কছাৰী সকলক বিটিচি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত বুলি কৈছিল। ১৯৪৭ চনত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰোতে শৰণীয়া কছাৰী সকলক কি বুলি অন্তৰ্ভুক্ত কৰা হৈছিল ৰাজহুৱা কৰক। বিটিচিৰ পৰিষদীয় সমষ্টি সমূহ জনজাতিকৰণৰ বাবে সংৰক্ষিত কৰাৰ সময়ত শৰণীয়া কছাৰী সকলক কি বুলি জনজাতি সংৰক্ষিত সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল সেইটো ৰাজহুৱা কৰক। ইয়াৰ উপৰিও লোকসভা আৰু বিধানসভাৰ আসন সমূহত শৰণীয়া কছাৰী সকলক লৈ জনজাতিৰ বাবে কি বুলি আসন সংৰক্ষণ কৰিছিল তাক ৰাজহুৱা কৰক। আৰু ৰাজহুৱা কৰি শৰণীয়া কছাৰীসকল যদি জনজাতি নহয় তেন্তে বিটিচিত যিমান বিলাক শৰণীয়া কছাৰী জনবসতিৰ গাওঁ আছে সেই গাওঁবোৰ বিটিচিৰ পৰা উলিয়াই দিবলৈ উচ্চতম ন্যায়ালয় নাইবা সৰ্বোচ্চ ন্যায়ালয়ত দাৰস্ত হওক। এইক্ষেত্ৰত তেওঁ পুনৰ কয় যে– সদৌ অসম ট্ৰাইবেল সংঘ অসমৰ জনজাতি সংগঠন সমূহৰ পিতৃ সংগঠন স্বৰূপ। কিন্তু ট্ৰাইবেল সংঘৰ তামুলপুৰ জিলাৰ সভাপতি গৰাকীয়ে তামুলপুৰ অঞ্চলৰ জনজাতি সকলৰ মাজত সংঘাট সৃষ্টি কৰাৰ লগতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিছাৰিছে গতিকে তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি গৰাকীক অতিশীঘ্ৰে বহিষ্কাৰ কৰিবলৈ সদৌ অসম ট্ৰাইবেল সংঘক আহ্বান জনাই সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তামুলপুৰ জিলাৰ আয়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ সমস্যা সমাধানৰ অৰ্থে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীন ডেকা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সভানেত্ৰী প্ৰমিলা দাস, সাধাৰণ সম্পাদিকা হিমাক্ষী শৰণীয়া, শৰণীয়া কছাৰী সন্মিলনী অসমৰ সভাপতি মহেশ্বৰ শইকীয়া, শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সভাপতি সোণবৰ বৰুৱা, সম্পাদকদ্বয় বিনয় কুমাৰ দাস আৰু মলয় কুমাৰ ডেকা, তামুলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি মনোজ ডেকা, সাম্পাদক নয়ন শৰণীয়াৰ লগতে চাৰি সহস্ৰাধিক লোক উপস্থিত থাকে।