BTR NEWS

তামুলপুৰত শিশু উদ্ধাৰ*

Telegram

*তামুলপুৰত শিশু উদ্ধাৰ*

 

*তামুলপুৰ, ৮ জুন, ২০২৫* :

যোৱা ১৮ এপ্ৰিলৰ দিনা এটি পৰিত্যক্ত কন্যা শিশু গোৰেশ্বৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ‌ই তামুলপুৰ জিলাৰ জিলা শিশু সুৰক্ষা কেন্দ্ৰত গতাই দিয়ে। শিশুটিক বৰ্তমান তামুলপুৰ চৰকাৰী দত্তকগ্রহণ কেন্দ্ৰত (Specialized Adoption Agency) যত্ন আৰু সুৰক্ষাৰ বাবে ৰখা হৈছে। কেন্দ্ৰটোৱে বহু অনুসন্ধান কৰাৰ পাছতো শিশুটিৰ পৰিয়ালৰ সন্ধান পোৱা নাই। গতিকে কোনো সদাশয় ব্যক্তিয়ে শিশুটিৰ পৰিয়ালৰ সন্ধান পালে তলত দিয়া ঠিকনাত যোগাযোগ কৰে যেন । শিশুটিৰ বয়স ৪৫ দিন। মাতৃগৰাকী বড়ো সম্প্ৰদায়ৰ এগৰাকী মানসিক ৰোগী। ইচ্ছুক ব্যক্তিসকলে এই ঠিকনাত যোগাযোগ কৰিব পাৰিব― জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়, চাৰাংবাৰি, পুৰণ চ’ক, তামুলপুৰ। ফোন নাম্বৰ 80116-21437 আৰু 80118-17694।

Exit mobile version