BTR NEWS

তামুলপুৰত শিক্ষক দিৱস পালন তামুলপুৰ একাডেমিক কাউন্সিলৰ উদ্যোগত তামুলপুৰ জিলাৰ ১৫০ গৰাকী অৱসৰী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

Telegram

তামুলপুৰত শিক্ষক দিৱস পালন

তামুলপুৰ একাডেমিক কাউন্সিলৰ উদ্যোগত তামুলপুৰ জিলাৰ ১৫০ গৰাকী অৱসৰী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন

=================================

তামুলপুৰ ৫ ছেপ্তেম্বৰ::

 

তামুলপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক দিৱস পালন কৰা হয় ৷বিদ্যালয়ে বিদ্যালয়ে অৱসৰী শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ তামুলপুৰ শ্ৰীমন্ত শঙ্কৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত তামুলপুৰ একাডেমী কাউন্সিলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয় ৷ বাক্সা জিলাৰ বিদ্যালয় পৰিদৰ্শক জেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত তামুলপুৰ একাডেমীক কাউন্সিলৰ অধিনৰ মধ্য ইংৰাজী ,উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ১৫০ গৰাকী অৱসৰী শিক্ষকক গামোচা , মানপত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখ্য যে অনুষ্ঠানত পদ্ম আনন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ধীৰেশ্বৰ দাসকো সম্বৰ্ধনা জনোৱা হয় কিন্তু ধীৰেশ্বৰ দাস অতি সম্প্ৰতি চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰা নাই ৷ চলিত ছেপ্তেম্বৰৰ ৩০ তাৰিখেহে চাকৰিৰ পৰা অৱসৰ গ্ৰহন কৰিব ৷ আজিৰ অনুষ্ঠানত তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুখ্য অতিথিহিচাবে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত তামুলপুৰ হাইস্কুল শিক্ষক সন্থাৰ সভাপতি উমেশ চন্দ্ৰ দাস , তামুলপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক ৰবি ৰাভাৰ উপৰি অঞ্চলটোৰ শিক্ষক – কৰ্মচাৰীসকল উপস্থিত থাকে ৷

@@@@@@

Exit mobile version