তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

Telegram

তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।

 

তামুলপুৰ ২০ জুন :

 

তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে আঙাৰকাটাৰ শান্তিপুৰ গাঁওৰ বিকাশ বিশ্বাসে (৩৫) পাৰিবাৰিক কলহৰ বাবে তেওঁৰ পত্নী দিপালী বিশ্বাস (২৫) ক শুই থকা অৱস্থাতে দাৰে ঘপিয়াই হত্যা কৰে। হত্যা কৰি উঠি নৰপিশাছ স্বামী বিকাশ বিশ্বাসে পত্নীৰ ৰক্তপান কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰাৰ লগতে পত্নীক হত্যাৰ কথা ওচৰ চুবুৰীয়াৰ আগত উল্লেখ কৰে। ওচৰ চুবুৰীয়াই হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰি কুমাৰীকাটা আৰক্ষী চকীত খৱৰ দিয়াত কুমাৰীকাটা আৰক্ষী চকীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী বিকাশ বিশ্বাসক তেওঁৰ বাসগৃহৰ পৰাই আটক কৰে । আৰক্ষীয়ে দিপালী বিশ্বাসৰ মৃতদেহ তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে। ইপিনে স্থানীয় ৰাইজে হত্যাকাৰী বিকাশ বিশ্বাসক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনায় । আজি তামুলপুৰ আৰক্ষীয়ে হত্যাকাৰী বিকাশ বিশ্বাসৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।

  • Related Posts

    • Current
    • September 16, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *