তামুলপুৰত লেখিকা সমাজৰ উদ্যোগত ৯ আগষ্টত “মাটি- মানুহ – সমন্বয় দিৱস ” পালনৰ প্ৰস্তুতি
আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড:শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীলৈ মুক্তি যুজাৰু দেউৰাম দত্ত সোৱৰণী ” মহিয়ান ” বটা প্ৰদান কৰা হব ৷ বিশিষ্ট লেখক নৱ সাপকোটা আৰু কোকৰাঝাৰৰ বিশিষ্ট লেখিকা ধীৰ্য্যু জ্যোতি বসুমতাৰীলৈ লোকবন্ধু লম্বোধৰ কামান সোৱৰণী ” মাটি-মানুহ- সমন্বয় ” বটাঁ প্ৰদান কৰা হব
===================================
তামুলপুৰ ৭ আগষ্ট:– অসম লেখিকা সমাজৰ উদ্যোগত আৰু তামুলপুৰ জিলা লেখিকা সমাজৰ সহযোগত অহা ৯ আগষ্টৰ দিনা দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহ , তামুলপুৰত অনুষ্ঠিত হব ৷ কাৰ্যসূচী অনুসৰি ৯ আগষ্টৰ পুৱা ৯ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন কৰা হব ৷ পুৱা ৯-১৫ বজাত বন্তি প্ৰজ্বলন কৰা হব ৷ অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰহিত্যত হবলগীয়া বন্তি প্ৰজ্বলন অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বলন কৰিব কুমাৰীকাটা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিভাৰানী বসুমতাৰীয়ে ৷ বন্তি প্ৰজ্বলন অনুষ্ঠানত অসম লেখিকা সমাজৰ অন্তৰ্গত জিলা আৰু আঞ্চলিক সমিতিসমূহৰ বিষয়াসকলৰ উপৰি অসম লেখিকা সমাজৰ বিষয়ববীয়াসকলে অংশ গ্ৰহন কৰিব ৷
পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পন অনুষ্ঠান ৷ মুখ্য স্মৃতি তৰ্পক হিচাবে অংশ গ্ৰহন কৰিব ন্যাসদাতা , মহকুমা কৃষি বিষয়া ভদ্ৰাৱতী পেগু কামানে ৷ তৰ্পকহিচাবে অংশ গ্ৰহন কৰিব অসম লেখিকা সমাজৰ জিলা সমিতিসমূহৰ সভাপতি আৰু সম্পাদকসকলে ৷ পুৱা ৯-৪৫ বজাত গছপুলি ৰোপন কৰা হব ৷ মুখ্য গছপুলি ৰোপকহিচাবে অংশ গ্ৰহন কৰিব অসম লেখিকা সমাজৰ উপ-সভাপতি দিপ্তী গগৈ বৰুৱাই ৷ গছপুলি ৰোপন কাৰ্যসূচীত অসম লেখিকা সমাজৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকসকলে ৷
পুৱা ১০ বজাত থলুৱা শিল্প প্ৰদৰ্শনী “অতুলনীয় বৈভৱ ” ৰ মুখ্য দ্বাৰ উদ্বোধন কৰিব এমট্ৰন , ন্যাসদাতাৰ প্ৰাক্তন বিষয়া দিনমণি ভাণ্ডাৰ কায়স্থই ৷ দ্বাৰ উদ্বোধনত অসম লেখিকা সমাজৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াসকলে অংশ গ্ৰহন কৰিব ৷ পুৱা ১০-১৫ বজাত প্ৰাচীৰ পত্ৰিকা ” সৃজনী ” উন্মোচন কৰিব যুৱ কবি সাহিত্য একাডেমি বটা প্ৰাপক দ্বীজেন কুমাৰ দাসে ৷ পুৱা ১১ বজাত বহু ভাষিক কবি সন্মিলন উদ্বোধন কৰিব অসম লেখিকা সমাজৰ কাৰ্যকৰি সভাপতি ৰেনু মহন্তই ৷ অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰহিত্যত আৰু অসম লেখিকা সমাজৰ কোষাধ্যক্ষ ৰত্না ৰংচেহেনপীৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া কবি সন্মিলনত পৰ্যালোচকহিচাবে অংশ গ্ৰহন কৰিব ” প্ৰজ্ঞা ” ৰ সম্পাদক জয়শ্ৰী শইকীয়াই ৷. দিনৰ ১১ বজাত অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাখন উদ্বোধন কৰিব তামুলপুৰৰ জিলা আয়ুক্ত পঙ্কজ চক্ৰৱৰ্তীয়ে ৷ সভাত মুখ্য অতিথিহিচাবে অংশ গ্ৰহন কৰিব বিশিষ্ট আইনবিদ তথা সাহিত্যক সুনীতি সোনোৱালে ৷ সভাত পৰম সন্মানীয় অতিথিহিচাবে অংশ গ্ৰহন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ৷সভাত সন্মানীয় অতিথিহিচাবে অংশ গ্ৰহন কৰিব তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ , তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এলিমা কান্দুলনা , বিশিষ্ট লেখক ধীৰেন শৰ্মা , বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঞী , ন্যাসদাতা , অৱসৰপ্ৰাপ্ত বিত্তীয় উপদেষ্টা পৰমানন্দ কামান , বিশিষ্ট উদ্যোগপতি বিমলা প্ৰসাদ দত্তই ৷ বিশিষ্ট অতিথিহিচাবে অংশ গ্ৰহন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাস , ৰনেন্দ্ৰ নাৰ্জাৰী , বিজিত গৌৰা নাৰ্জাৰী , মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা , তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন বড়ো. আৰু তামুলপুৰ পৌৰসভাৰ পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে ৷ আমন্ত্ৰিত অতিথিহিচাবে অংশ গ্ৰহন কৰিব বিশিষ্ট কবি গৌতমজ্যোতি তালুকদাৰ , তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ন চন্দ্ৰ ব্ৰহ্ম , তামুলপুৰ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ অসীম ডেকা , তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভুতি ডেকা আৰু কামৰূপ জিলা লেখিকা সমাজৰ উপদেষ্টা পংকজ পল্লৱ শৰ্মাই ৷ সভাত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড:শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীলৈ মুক্তি যুজাৰু দেউৰাম দত্ত সোৱৰণী ” মহিয়ান ” বটা প্ৰদান কৰা হব ৷ সভাত বিশিষ্ট লেখক নৱ সাপকোটা আৰু কোকৰাঝাৰৰ বিশিষ্ট লেখিকা ধীৰ্য্যু জ্যোতি বসুমতাৰীলৈ লোকবন্ধু লম্বোধৰ কামান সোৱৰণী ” মাটি-মানুহ- সমন্বয় ” বটাঁ প্ৰদান কৰা হব ৷ সভাত অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্গা খতিৱাড়া , সমাজ সেৱীকা ৰজনী দেৱী আৰু ঢেকীয়াজুলি অমিয়াকুমাৰ দাস কলেজৰ অধ্যাপক টোলন মুছাহাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হব ৷ সভাত স্মৰণীকা ” অনুভা ” উন্মোচন কৰিব অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই ৷ সভাত লেখিকা মাধুৰী দাসৰ ” পৃথিৱীৰ উচুপনি ” আৰু মীনা বৰ্মনৰ নাটক “জেউতিৰ জ্যোতি ” আৰু গল্প পুথি সৌভাগ্যই লগ দিয়ে যদি কেতিয়াবা ” উন্মোচন কৰিব অসম লেখিকা সমাজৰ প্ৰকাশন সচিব যোগমায়া সন্দিকৈয়ে ৷ আবেলি ৪ বজাত বিচিত্ৰানুষ্ঠান ” বহুৰঙী ” উদ্বোধন কৰিব ” বাৰ্তা পখিলী ” ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই ৷
@@@@@@