তামুলপুৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰ্যালোচনা সভা*

Telegram

*তামুলপুৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পৰ্যালোচনা সভা*

 

তামুলপুৰ, ১১ জুন, ২০২৫

 

তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মাননীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এখন পৰ্যালোচনা সভাত ভাগ লয়। তেওঁক সহযোগিতা আগবঢ়ায় জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। আজি মূলতঃ জিলাখনৰ তিনিওটা উন্নয়ন খণ্ড, অৰ্থাৎ তামুলপুৰ, গোৰেশ্বৰ আৰু নাগ্ৰীজুলিৰ অধীনত চলি থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উন্নয়ন সম্পৰ্কে আলোচনা হয়। পোনতে বিভাগীয় বিষয়াৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)-ৰ কিমান গৃহ সম্পূৰ্ণ হৈছে আৰু কিমান গৃহ সম্পূৰ্ণ হ’বলৈ বাকী আছে, সম্পূৰ্ণ নোহোৱাৰ কাৰণ কি, সেই সম্পৰ্কে বিতংকৈ জানি লয়‌। বিভাগীয় বিষয়াই জনোৱা মতে, ২০১৬-১৭-ৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত জিলাখনৰ তিনিওটা উন্নয়ন খণ্ডৰ অধীনত ৯৩ শতাংশ কাম সম্পন্ন হৈছে। বাকী কামখিনি ১৪ আগষ্টৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়‌। তেওঁ কয় যে যদি এই কামখিনি সম্পূৰ্ণ নহয়, তেন্তে নতুনকৈ গৃহৰ আবণ্টন দিয়াত অসুবিধা হ’ব‌। মন্ত্ৰীগৰাকীয়ে এম জি এনৰেগা আৰু অমৃত সৰোবৰ আঁচনিৰ অগ্ৰগতিৰো বিস্তৃত খতিয়ান লয়। উল্লেখ্য যে জিলাখনৰ তিনিওটা উন্নয়ন খণ্ডৰ অধীনত এম জি এনৰেগাৰে সম্পৰ্কিত ১১৬টা কামৰ ভিতৰত ১০৯টা কাম ইতিমধ্যে সম্পন্ন হৈছে। ৰাজ্যখনৰ লগতে জিলাখনৰো সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আধৰুৱা কামবোৰ শীঘ্ৰে সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। আজিৰ সভাখনত তামুলপুৰৰ স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাস, পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, বিজিতগৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভাৰ উপৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

  • Related Posts

    • Current
    • September 17, 2025
    • 9 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 15 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *