BTR NEWS

তামুলপুৰত মন্ত্ৰী কেশৱ মহন্তৰ সৌৰচালিত পাম্প মুকলি আৰু বান পৰ্যালোচনা সভা*

Telegram

*তামুলপুৰত মন্ত্ৰী কেশৱ মহন্তৰ সৌৰচালিত পাম্প মুকলি আৰু বান পৰ্যালোচনা সভা*

 

“প্ৰমোদ বড়োৱে আজি যি পৰিৱৰ্তন আনিছে, সেই পৰিৱৰ্তনেৰে তেওঁ বড়োভূমিলৈ শান্তি আৰু প্ৰগতিও আনিছে।”― মন্ত্ৰী কেশৱ মহন্ত

 

*তামুলপুৰ, ২৬ মে’, ২০২৫* : আজি তামুলপুৰ জিলাৰ নাগ্ৰিজুলি উন্নয়ন খণ্ডৰ অধীনৰ বাল্টিপাৰ গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ এক ধ্বজাবাহী আঁচনি “প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা উত্তৰণ মহাভিযান”ৰ অধীনৰ সৌৰচালিত পাম্পৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হয়। আদৰণী ভাষণত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, “ৰাজ্যৰ ভিতৰতে প্ৰথমে বিটিআৰৰ তামুলপুৰ জিলাৰ এই বাল্টিপাৰতেই কেন্দ্ৰীয় চৰকাৰৰ “পি এম কুসুম” আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা আমি জিলাখনত কৃষি তথা আৰ্থ-সামাজিক দিশত এক বিশেষ পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হ’ম।” আজি ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই এই পাম্প মুকলি কৰে। অনুষ্ঠানত তেওঁ সৌৰশক্তিৰ দ্বাৰা কৃষি তথা আৰ্থ-সামাজিক দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। পৰিৱেশ সুৰক্ষাৰ প্ৰতিও সৌৰশক্তিৰ যি ভূমিকা, সেই সম্পৰ্কেও তেওঁ ব্যাখ্যা কৰে। বডোফা ইউ এন ব্ৰহ্মৰ ত্যাগৰ কথা সুঁৱৰি তেওঁ কয়, “বডোভূমিত চিন্তাৰ বিকাশ হৈছে। আমাৰ ৰাজ্যত যিবোৰ চিন্তা সেই সময়ত কৰা হোৱা নাছিল, সেইবোৰ চিন্তাৰ উত্তৰণ বড়োভূমিত আগতেই হৈছিল।” তাৰ পাছত তেওঁ উল্লেখ কৰে, “প্ৰমোদ বড়োৱে আজি যি পৰিৱৰ্তন আনিছে, সেই পৰিৱৰ্তনেৰে তেওঁ বড়োভূমিলৈ শান্তি আৰু প্ৰগতিও আনিছে।” উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ “পি এম কুসুম” আঁচনিৰ অধীনত ৰাজ্যখনত ৪০০০ সৌৰচালিত পাম্প স্থাপনৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে। তাৰ ভিতৰত ৫০০টা সৌৰচালিত পাম্প সমগ্ৰ বিটিআৰৰ পাঁচোখন জিলাত স্থাপন কৰা হ’ব। তাৰ অংশ হিচাপে তামুলপুৰ জিলাৰ নাগ্ৰিজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাল্টিপাৰ গাঁৱত দহটা পাম্প স্থাপনত অনুমোদন পোৱা গৈছে। সেই দহটাৰ ভিতৰত দুটা পাম্প আজি স্থাপন কৰা হয়, যাৰ শুভাৰম্ভ কৰে মাননীয় মন্ত্ৰী কেশৱ মহন্ত‌ই। অনুষ্ঠানত বিটিচিপ্ৰধান প্ৰমোদ বড়োৱে “জলসিঞ্চনৰ ক্ষেত্ৰত জিলাখনত ডোং বান্ধ এশ বছৰ পুৰণি” বুলি উল্লেখ কৰি আজিৰ এই পৰিৱৰ্তিত পৰিৱেশত সৌৰ জলসিঞ্চন বঢ়াব লাগে বুলি মতপোষণ কৰে। কৃষি তথা আৰ্থ-সামাজিক উত্তৰণৰ ক্ষেত্ৰত তেওঁ নাৰী সবলীকৰণৰ কথাও বিশেষভাৱে দোহাৰে। তেওঁ মহিলাসকলে ব্যৱহাৰ কৰিব পৰা সৰু ট্ৰেক্টৰৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে। তেওঁ বিটিআৰত হালধি আৰু আদাৰ প্ৰচুৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। কেন্সাৰৰ দৰে মহামাৰীৰ হাব্ হিচাপে চিনাক্ত হ’বলৈ গৈ থকা বিটিআৰত অৰ্গেনিক সামগ্ৰীৰ উৎপাদনৰ প্ৰতিও তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। আজিৰ সভাত তামুলপুৰৰ স্থানীয় বিধায়ক জলেন দৈমাৰী, অসম শক্তি বিকাশ এজেন্সীৰ সঞ্চালক জয়দীপ বৰুৱা, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস আদিয়েও নিজৰ বক্তব্য দাঙি ধৰে। অনুষ্ঠানত কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, পাৰিষদ বিজিতগৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, জিলা প্ৰশাসনৰ বিষয়াসকল, এন জি অ’ৰ বিষয়ববীয়াসকল, বিভিন্ন বিভাগৰ বিষয়াসকল তথা হিতাধিকাৰীসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ পাছতেই জিলা আয়ুক্ত কাৰ্যালয়ত বান প্ৰস্তুতি সম্পৰ্কীয় এখন সভাত মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাখনত বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতা সম্পৰ্কে পৰ্যালোচনা কৰে। স্থানীয় বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিভিন্ন বিভাগৰ বিষয়াসকল, এছ ডি আৰ এফ, এন ডি আৰ এফ, এছ এছ বি, আৰ্মী আদিৰ বিষয়াসকল উপস্থিত থকা পৰ্যালোচনা সভাখনত মাননীয় মন্ত্ৰীগৰাকীয়ে জলসম্পদ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, মীন, বিদ্যুৎ, স্বাস্থ্য, সমাজকল্যাণ, খাদ্য সুৰক্ষা, পশুধন, গড়কাপ্তানি, শিক্ষা, জলসিঞ্চন, ভূমি সংৰক্ষণ, পৰিবহণ আদি বিভাগৰ বিষয়াসকলৰ সৈতে বান সম্পৰ্কে মতবিনিময় কৰে। বানৰ সময়ছোৱাত যাতে জিলাখনত কোনো সমস্যাৰ সৃষ্টি নহয়, সেই সম্পৰ্কে সজাগ হ’বলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ আহ্বান জনায়। উল্লেখ্য যে ৰাজ্য চৰকাৰে জিলাখনৰ বাবে বানৰ সৈতে মোকাবিলা কৰিবলৈ ৭৫ লাখ টকা আগতীয়াকৈ মঞ্জুৰ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

Exit mobile version