তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

  • Current
  • September 17, 2025
  • 0 Comments
Telegram

তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

 

তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ

 

বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জিলাখনত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ জাৰি কৰিছে। তদুপলক্ষে— ১) ভোটকেন্দ্ৰৰ সন্মুখত অথবা ৰাজহুৱা স্থানত ৫জন বা ততোধিক ব্যক্তিৰ সমাৱেশ, বিক্ষোভ বা আইন-শৃংখলা ভংগ হোৱাৰ সম্ভাৱনা থকা কাৰ্যকলাপ নিষিদ্ধ। এয়া অৱশ্যে ভোট দিবলৈ অহা ভোটাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। ২) অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক বা আন কোনো বিপজ্জনক সামগ্ৰী বহন কৰা নিষিদ্ধ। এয়া আৰক্ষী/অৰ্ধসামৰিক/সামৰিক বাহিনীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। ৩) ৰাজহুৱা স্থান, পথ, ৰে’লৱে ষ্টেছন, বাছ আস্থানত আদিত ফটকা ফুটোৱা নিষিদ্ধ। ৪) অনুমতি নোলোৱাকৈ কোনো সভা, সমাৱেশ, ৰেলী, ধৰ্ণা আদি অনুষ্ঠিত কৰা নিষিদ্ধ। ৫) সাম্প্ৰদায়িক, ৰাষ্ট্ৰবিৰোধী বা উচতনিমূলক ভাষণ, বেনাৰ, পোষ্টাৰ, দেৱাল লিখন নিষিদ্ধ। ৬) অনুমতি নোলোৱাকৈ লাউড স্পীকাৰ বা মাইক্ৰ’ফোন ব্যৱহাৰ কৰা নিষিদ্ধ। ইয়াৰ উপৰি ভোটগ্ৰহণৰ দিনা কোনো ভোটকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত― প্ৰচাৰ সমাপ্ত হোৱাৰ পিছত ৰাইজৰ ওচৰত ভোট বিচাৰি আৱেদন কৰা; প্ৰচাৰমূলক পোষ্টাৰ বা বেনাৰ প্ৰদৰ্শন কৰা; ভোটাৰক বিশেষ প্ৰাৰ্থীক ভোট নিদিবৰ বাবে প্ৰলোভিত কৰা; ভোট নিদিবলৈ কোনো ভোটাৰক সৈমান কৰোৱা; ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধ্বত লাউড স্পীকাৰ, মেগাফোন আদি ব্যৱহাৰ কৰা; বিশৃংখলভাৱে চিঞৰি শৃংখলা ভংগ কৰা; ভোট শেষ হোৱাৰ ৪৮ ঘণ্টা আগতে লাউড স্পীকাৰ ব্যৱহাৰ কৰা কাৰ্যসমূহ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশনা পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বলৱৎ থাকিব। নিয়ম উলংঘাকাৰীক আইন অনুসৰি দণ্ড বিহা হ’ব বুলি নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

  • Related Posts

    • Current
    • September 17, 2025
    • 13 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    • Current
    • September 17, 2025
    • 9 views
    • 2 minutes Read
    Madhya Pradesh Honors PM Modi with Traditional Handicrafts and Cultural Gifts

    Telegram

    TelegramTweetMadhya Pradesh Honors PM Modi with Traditional Handicrafts and Cultural Gifts   Bhopal, September 17: On the occasion of Prime Minister Narendra Modi’s 75th birthday, Madhya Pradesh paid a special…

    Leave a Reply

    Your email address will not be published. Required fields are marked *