
তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা
নিহত এজন, গুৰুতৰভাবে আহত দুজন।
ৰৈ থকা ডাম্পাৰত স্কুটী আৰোহীয়ে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
তামুলপুৰ জিলাৰ বৰখোপাত আজি নিশা WB71 B9507 নম্বৰৰ ৰৈ থকা ডাম্পাৰ এখনত তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে স্কুটীৰে আহি থকা তিনিজন যুৱকে প্ৰচণ্ড জোৰত খুণ্ডা মাৰে
দুৰ্ঘটনাটোৰ গুৰুতৰভাৱে আহত তিনিওজন যুৱকক তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও হেমেন বড়ো নামৰ যুৱকজন মৃত্যুমুখত পৰে।
আনহাতে গুৰুতৰভাৱে আহত পৰাগ বড়ো আৰু ডেভিদ বসুমতাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাত পতিত তিনিওগৰাকী যুৱকৰ ঘৰ ৰঙিয়াৰ গুৰকুছিত বুলি জানিব পৰা গৈছে।