
তামুলপুৰত বৰষুণৰ অভাৱত পথাৰ ফাটিছে, পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ
তামুলপুৰ:
পৰিদৰ্শনকালত তেওঁ স্থানীয় কৃষকৰ সৈতে আলোচনা কৰি ক্ষেত্ৰৰ অৱস্থাৰ বুজ লয়। কৃষকে তেওঁক জনায় যে বহু দিন ধৰি বৰষুণ নোপোৱাৰ বাবে ধাননি পথাৰ শুকাই গৈছে আৰু সেচৰ কোনো নিৰাপত্তা ব্যৱস্থা নাই।
অখিল গগৈয়ে ৰাজ্য চৰকাৰক কৃষকৰ প্ৰতি উপেক্ষাৰ অভিযোগ জনাই কয় —
তেওঁ দাবী জনায় যে চৰকাৰে তামুলপুৰক খৰাং পীড়িত অঞ্চল হিচাপে ঘোষণা কৰি কৃষকক ক্ষতিপূৰণৰ লগতে বিকল্প সেচৰ সুবিধা আগবঢ়াব লাগে।
গগৈয়ে এইটোও ঘোষণা কৰে যে তেওঁ এই বিষয়টো অহা বিধানসভা অধিবেশনত গুৰুত্ব সহকাৰে উত্থাপন কৰিব।