তামুলপুৰত বৰখাটাত হিতাধীকাৰী সন্মিলন আৰু সজাগতা সভা।

Telegram

তামুলপুৰত বৰখাটাত হিতাধীকাৰী সন্মিলন আৰু সজাগতা সভা।

জিৰো নহ’লে অংক নহয়। নিৰ্বাচনত ১ নম্বৰতে থাকিব ইউপিপিএল। —-প্ৰমোদ বড়ো।

 

তামুলপুৰ ৩০ জুন।

 

তামুলপুৰত বৰখাটাত আজি হিতাধীকাৰী সন্মিলন আৰু সজাগতা সভা অনুষ্ঠিত কৰে বিটিআৰ চৰকাৰে। তামুলপুৰ বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়— বিটিআৰত গণতন্ত্ৰ বুলি একো নাছিল। বিটিআৰত হিংসাৰ বাবে একো নাছিল। আজি বিটিআৰত হত্যা হিংসা নাই। আমি ইউপিপিএল দলে সকলো জাতি জনগোষ্ঠীৰ বাবে চিন্তা কৰি কাম কৰিছো। আমি অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ কাৰণে চিন্তা কৰিছো। আমি এক পইছা নোলোৱাকৈ বিটিআৰত চাকৰি দিবলৈ সক্ষম হৈছো। কিন্তু হাগ্ৰামা মহিলাৰীয়ে এজন লোককো চাকৰি দিব নোৱাৰিলে। আমি টেটত চাকৰি দিবলৈ সক্ষম হৈছো। ১৯৯৯ ৰ চাকৰি দিবলৈ সক্ষম হৈছো। অহা ১ মাহৰ ভিতৰত এল পি আৰু এম ই স্কুলৰ শিক্ষক নিযুক্তি দিম। কম দিনৰ ভিতৰতে চতুৰ্থ বৰ্ষ আৰু তৃতীয় বৰ্গৰ চাকৰিও দিম। নিযুক্তিৰ নামত কোনো লোকে খোচ ললে সেই বিষয়ে মোক অবগত কৰিব আৰু তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম। আমি ৪০ টা সমষ্টিত ৪০ টা প্ৰেক্ষাগৃহ বনাবলৈ সক্ষম হৈছো। আগতে মানুহে বিভিন্ন অনুষ্ঠানত বহি সভা সমিতি কৰিব লগা হৈছিল। চাৰি বছৰত ইউপিপিএল দলে বিভিন্ন সময়ত দলং, পথ বনোৱাৰ খতিয়ান দাঙি ধৰি বড়োলেণ্ডৰ হত্যা হিংসা পাহৰি সকলো জাতি জনগোষ্ঠীৰ লোকে মিলাপ্ৰিতিৰে বসবাস কৰিব পৰা পৰিবেশ ঘুৰাই আনিবলৈ সক্ষম হৈছো বুলিও মন্তব্য কৰে। সভাত উপস্থিত থাকি সাংসদ ৰণগৌৰা নাৰ্জাৰীও বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে হিতাধীকাৰী সকলক বিটিআৰ চৰকাৰে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই সভাখনত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ পাৰিষদ মাধৱ চেত্ৰী, পবিত্ৰ কুমাৰ বড়ো, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে ইউপিপিএল দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ লগতে প্ৰায় ১০ সহস্ৰাধিক লোক উপস্থিত থাকে। ইপিনে সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপ বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয় —

হাগ্ৰামা মহিলাৰীৰ বহুত পইছা আছে। হেলিকপ্টাৰ নহয় ফ্লাইট লয় ঘুৰিব পাৰে নিৰ্বাচনৰ সময়ত। সাংবাদিক আন এক প্ৰশ্ন উত্তৰত কয়– জিৰো নহ’লে অংক নহয়। বিটিআৰ নিৰ্বাচনত ১ নম্বৰতে থাকিব ইউপিপিএল। মিত্ৰতা সম্পৰ্কত সাংবাদিকে সুধা প্ৰশ্ন উত্তৰত কয়– ইউপিপিএলে কাৰ লগত মিত্ৰতা কৰিব সেয়া নিৰ্বাচনৰ আগদিনা হ’ব। নিৰ্বাচনৰ আগদিনালৈ অংক চলি থাকে। এতিয়া সকলোৱে কাম কৰক বুলিও মন্তব্য কৰে। বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কেইটাত পৰিষদীয় সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সুধা প্ৰশ্ন উত্তৰত কয়– মই কত নিৰ্বাচন খেলিম সেয়া দলহে সিদ্ধান্ত গ্ৰহণ কৰিব। মই দলৰ সভাপতি হে। তিনিটা খেলিম নে দুটাত খেলিম সেয়া দলে সিদ্ধান্ত ল’ব। দলত মোৰ সিদ্ধান্ত নচলে বুলি মন্তব্য কৰে ।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *