BTR NEWS

তামুলপুৰত বিশ্ব বৰেণ্যে নেতা নেতাজী সুভাষচন্দ্র বসুৰ জন্মজয়ন্তী উদযাপন।

Telegram

তামুলপুৰত বিশ্ব বৰেণ্যে নেতা নেতাজী সুভাষচন্দ্র বসুৰ জন্মজয়ন্তী উদযাপন।

 

তামুলপুৰঃ

 

তামুলপুৰৰ আঙাৰকাটাৰ পলাশবাৰী আৰু কাউলীৰ নাৰায়ণপুৰত আজি বিশ্ব বৰণ্যে নেতা নেতাজী সুভাষচন্দ্র বসুৰ জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হয়। তামুলপুৰৰ কুমাৰীকাটাৰ ভাৰত-ভূটান সীমান্তৰ আঙাৰকাটা পলাশবাৰীত আঙাৰকাটা পলাশবাৰী নেতাজী যুৱক সংঘৰ উদ্যোগত বিশ্ব বৰণ্যে নেতা নেতাজী সুভাষচন্দ্র বসুৰ ১২৮ তম্ জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হয়। যোৱা ২১ জানুৱাৰী পৰা তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা জন্মজয়ন্তীৰ আজি অন্তিমটো দিনৰ কাৰ্যসূচীত ৰাতিপুৱা ৮ বজাত সংঘৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে নেতাজী যুৱক সংঘৰ সভাপতি সুকুৰঞ্জন মণ্ডল আৰু কালিপুজা সমিতিৰ সভাপতি নবীন মণ্ডলে। ৰাতিপুৱা ৮,২০ বজাত নেতাজীৰ প্ৰতিমুৰ্তি স্থাপন, ৰাতিপুৱা ৮,৩০ বজাত নেতাজীৰ প্ৰতিমুৰ্তিত মাল্যৰ্পন, ৰাতিপুৱা ৮, ৪০ বজাত বন্তিপ্ৰজ্বলন কৰে ২৬ নং দৰঙাজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৗৰা নাৰ্জাৰীয়ে, ৰাতিপুৱা ৯ বজাত বৃক্ষ ৰোপন, ৰাতিপুৱা ১০ বজাত বিশাল সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে নেতাজী যুৱক সংঘৰ উপদেষ্টা ভবেশ সৰকাৰে। তাৰপিছতে দিনৰ ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়। নেতাজী যুৱক সংঘৰ সভাপতি সুকুৰঞ্জন মণ্ডলৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত মুখ্যবক্তা হিচাপে অহিয়াবাৰী হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন চৌধুৰী উপস্থিত থকাৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লেখক, বিশ্লেষক, কটন বিশ্ববিদ্যালয় গুৱাহাটীৰ মুৰব্বী অধ্যাপক ড• জ্ঞানেন্দ্র বৰ্মন। মুকলি সভাত মুখ্য অতিথি হিচাপে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী উপস্থিত থকাৰ লগতে আমন্ত্রিত অতিথি হিচাপে তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেচন কেন্দ্রীয় সমিতিৰ প্ৰাক্তন সভাপতি সুশীল দাস, প্ৰাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, নাগ্ৰিজুলী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ চেমুৱেল সৰকাৰ, ২৬ নং দৰঙাজুলিৰ টিচিএলচিচিৰ অধ্যক্ষ ফনিন্দ্র নাৰ্জাৰী, বিজেপি নেতা সুকুমাৰ দাসৰ লগতে প্ৰায় এহেজাৰৰ পৰা অধিক ৰাইজ উপস্থিত আছিল। আনহাতে তামুলপুৰৰ কাউলীৰ নাৰায়ণপুৰতো বিবেকানন্দ সংঘৰ উদ্যোগত নেতাজী সুভাষচন্দ্র বসুৰ জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে। ইয়াৰ পিছতে নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ এক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে স্থানীয় সমাজ সেৱক দুলাল সাহাৰ পৰিচালনাত অনুষ্ঠিত হয় এক মুকলি সভা। সভাত ভাৰতবৰ্ষৰ স্বৰ্ণিম ইতিহাসৰ অগ্ৰণী নেতা, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতাজী সুভাষ চন্দ্ৰ বসুৰ কৰ্মৰাজি আৰু আদৰ্শৰ কথা ব্যক্ত কৰা হয়। মুকলি সভাত অঞ্চলটোৰ একাধিক জেষ্ট নাগৰিকক বস্ত্ৰদান কৰাৰ লগতে নেতাজীৰ জন্মজয়ন্তী উপলক্ষে বিগত তিনিদিনে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন খেল ধেমালিত জয়লাভ কৰা ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ ও মানপত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত পুৱা বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে অংশ গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে মুকলি সভাত জিলা বিজেপিৰ সম্পাদক তথা যুৱ সমাজ কর্মী ভজন দাস, স্থানীয় ভিচিডিচিৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্য, ৰাম বাস্তোলা,বিশ্বজিত বসাক,পৰিমল শিল,সহ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক জেষ্ঠ্য নাগৰিকৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত লোক সকলে অংশগ্ৰহণ কৰে।

Exit mobile version