BTR NEWS

তামুলপুৰত বিশুদ্ধ ভোটাৰ তালিকা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীৰে জিলা প্ৰশাসনৰ বৈঠক*

Telegram

*তামুলপুৰত বিশুদ্ধ ভোটাৰ তালিকা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীৰে জিলা প্ৰশাসনৰ বৈঠক*

*তামুলপুৰ, ১৮ মাৰ্চ, ২০২৫* :

 

নৱগঠিত তামুলপুৰ নিৰ্বাচনী জিলাত এখন বিশুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত সন্দৰ্ভত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত এখনি সভা অনুষ্ঠিত হয়‌। বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশুদ্ধ ভোটাৰ তালিকা সন্দৰ্ভত বিভিন্ন আলোচনা কৰা হয়। বিশেষকৈ যিসকল নতুন ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে ফৰ্ম-৬-ৰ যোগেদি আৱেদন কৰিব পাৰিব। আনহাতে যিসকলৰ নামৰ শুধৰণিৰ প্ৰয়োজন, তেওঁলোকেও নিৰ্দিষ্ট ফৰ্মৰ যোগেদি আৱেদন কৰিব পাৰিব। এইক্ষেত্ৰত বি এল এ আৰু বি এল অ’সকলৰ সৈতে জনসাধাৰণে যোগাযোগ কৰিব পাৰিব। আজিৰ সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Exit mobile version