BTR NEWS

তামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

Telegram

তামুলপুৰত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

===================

 

কুমাৰীকাটা ,২০ মাৰ্চ

তামুলপুৰ ইউকো বেঙং আৰু কেয়াৰ হেল্থ ইঞ্চোৰেঞ্চৰ উদ্দোগত আৰু গুৱাহাটী মাৰুৱাৰী হস্পটালৰ সহযোগত আজি তামুলপুৰ ঘগৰাচকস্থীত ইউকো বেঙংৰ কাৰ্যালয়ত এটি স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হয় ৷ স্বাস্থ্য চিকিৎসা শিৱিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে‌ তামুলপুৰ ইউকো বেংকৰ শাখা প্ৰবন্ধক বিচিত্ৰ নাৰায়ন তালুকদাৰে । প্ৰায় শতাধিক ৰোগীয়ে অংশগ্ৰহণ কৰা ৰোগী সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ গুৱাহাটী মাৰুৱাৰী হস্পটালৰ পৰা অহা দুগৰাকী চিকিৎসক ডাঃ হুমাউন আহমেদ আৰু ডাঃ বিদ্যুৎ বিকাশ চৌধুৰীয়ে উপস্থিত থকা স্বাস্থ্য পৰীক্ষা কৰি ৰোগী সকলৰ মাজত বিনামূলীয়াকৈ দৰৱো বিতৰণ কৰা হয় ৷

স্বাস্থ্য শিৱিৰত গুৱাহাটী মাৰুৱাৰী হস্পটালৰ চিকিৎসক লগতে নাৰ্চৰ উপৰিও কেবাগৰাকী চিকিৎসা কৰ্মী আৰু কেয়াৰ হেল্থ ইঞ্চোৰেঞ্চৰ সন্জিব নাথ, বিশ্বজিৎ দেৱ নাথৰ লগতে বেঙংৰ কৰ্মচাৰী সকলে সহযোগ আগবঢ়ায় ।

Exit mobile version