BTR NEWS

তামুলপুৰত বিদ্যালয় পৰিচালনা সমিতিৰ ব্লক পৰ্যায়ৰ সংবেদনশীলতা সভাঃ  

Telegram

তামুলপুৰত বিদ্যালয় পৰিচালনা সমিতিৰ ব্লক পৰ্যায়ৰ সংবেদনশীলতা সভাঃ

 

তামুলপুৰ, ২২ মাৰ্চঃ

 

তামুলপুৰ জিলাৰ অন্তৰ্গত কচুবাৰীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ চৌহদত আজি বিদ্যালয় পৰিচালনা সমিতিসমূহৰ তামুলপুৰ ব্লক পৰ্যায়ৰ এখনি সংবেদনশীলতা সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সুৰেন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্মই। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি শিক্ষা বিষয়া ব্ৰহ্মই কয় এখন শিক্ষানুষ্ঠানৰ উত্তৰণৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ অপৰিসীম ভূমিকা থাকে। তেওঁ নিজৰ বক্তব্যত পৰিচালনা সমিতিৰ দায়িত্ব, কৰ্তব্য, ক্ষমতা আদি সম্পৰ্কত এক বিস্তৃত ব্যাখ্যা দাঙি ধৰে। আই চি বি আৰ পি দেৱেশ্বৰ ৰাভাৰ সহযোগত অনুষ্ঠিত আজিৰ এই সভাখনত অংশগ্ৰহণ কৰি তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, ডি পি ও চি পি ভূপেন দাস, উপ পৰিদৰ্শক ফুটেশ্বৰী নুনিচায়ো বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সদস্যসকলে বিদ্যালয় এখনৰ শৈক্ষিক প্ৰগতিৰ লগতে আন্তঃগাঁঠনি উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বহুমূলীয়া বক্তব্য ৰাখে। এই সভাত তামুলপুৰৰ কেইবাজনো শিক্ষাৰ লগত জড়িত বিশিষ্ট ব্যক্তি, বিদ্যালয় পৰিচালনা সমিতিসমূহৰ বিষয়ববীয়াসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্বৎ সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Exit mobile version