BTR NEWS

তামুলপুৰত বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ

Telegram

তামুলপুৰত বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্রকাশ

 

তামুলপুৰ, ২২ জুলাই, ২০২৫

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত চলিত বৰ্ষৰ বিটিচি নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্রৱৰ্তীয়ে সভাপতিত্ব কৰে। তেওঁ নাগৰিকসকলক এই খচৰা তালিকা সম্পৰ্কে সজাগ থাকিবলৈ আৰু তালিকাখনত কোনো ভুল-চুক, আপত্তি বা দাবী থাকিলে চলিত বৰ্ষৰ ৫ আগষ্টৰ ভিতৰত সংশোধনৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়।

এই খচৰা তালিকাখন জিলা আয়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰাৰ উপৰি বি এল অ’ আৰু “অ’ ই আৰ এম এছ” প’ৰ্টেলতো উপলব্ধ হ’ব। তামুলপুৰ জিলাৰ অন্তৰ্গত পাঁচোটা পৰিষদীয় সমষ্টি হৈছে— ২৬-দৰঙাজুলি (জনজাতি), ২৭-নাগ্ৰীজুলি (অ-জনজাতি), ২৮-গয়বাৰী (জনজাতি), ২৯-শুক্লাই ছেৰফাং (জনজাতি), ৩০-গোৰেশ্বৰ (জনজাতি)। উল্লেখ্য যে এই পাঁচোটা পৰিষদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ভোটাৰৰ সংখ্যা এনেধৰণৰ― ২৬-দৰঙাজুলি সমষ্টিত ভোটকেন্দ্ৰ ৭৫টা, পুৰুষ ভোটাৰ ৩৪,৫১৮গৰাকী, মহিলা ভোটাৰ ৩৪,৪৪৪গৰাকী আৰু মুঠ ভোটাৰ ৬৮,৯৬২গৰাকী। ২৭-নাগ্ৰীজুলি সমষ্টিত ভোটকেন্দ্ৰ ৬২টা, পুৰুষ ভোটাৰ ২৮,৭৯৫গৰাকী, মহিলা ভোটাৰ ২৮,৬৭৮গৰাকী আৰু মুঠ ভোটাৰ ৫৭,৪৭৩গৰাকী‌। ২৮-গয়বাৰী সমষ্টিত ভোটকেন্দ্ৰ ৮৭টা, পুৰুষ ভোটাৰ ৪১,৪০২গৰাকী, মহিলা ভোটাৰ ৪০,৭৩৬গৰাকী আৰু মুঠ ভোটাৰ ৮২,১৩৮গৰাকী। ২৯-শুক্লাই ছেৰফাং সমষ্টিত ভোটকেন্দ্ৰ ৬৮টা, পুৰুষ ভোটাৰ ৩০,৩৩২গৰাকী, মহিলা ভোটাৰ ২৯,৬২২গৰাকী আৰু মুঠ ভোটাৰ ৫৯,৯৫৪গৰাকী। ঠিক তেনেকৈ ৩০-গোৰেশ্বৰ সমষ্টিত ভোটকেন্দ্ৰ ৯০টা, পুৰুষ ভোটাৰ ৪০,৭২৬গৰাকী, মহিলা ভোটাৰ ৪১,৪৫২গৰাকী, অন্যান্য এগৰাকী আৰু মুঠ ভোটাৰ ৮২,১৭৯গৰাকী। আটাইকেইটা পৰিষদীয় সমষ্টিত পুৰুষ-মহিলা মিলি মুঠ ভোটাৰৰ সংখ্যা ৩,৫০,৭০৬গৰাকী।বৰ্তমানলৈকে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিমাণ ৩৮২টা যদিও এই সংখ্যা চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। আজি প্ৰকাশ হোৱা খচৰা তালিকাখনৰ ভিত্তিত নাগৰিকসকলৰ অংশগ্ৰহণ নিশ্চিত কৰি এখন সঠিক, স্বচ্ছ আৰু নিৰপেক্ষ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি অধ্যক্ষৰ আসনৰ পৰা জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে দাবী-আপত্তি নিষ্পত্তিৰ পিছত নিৰ্বাচনী আয়োগৰ সময়সূচী অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়াসকলকে ধৰি পঞ্জীয়নকৃত বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়াসকল, সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

Exit mobile version