BTR NEWS

তামুলপুৰত বিকাশৰ — ১২ দিন কাৰ্যসূচী ৰূপায়ন ৷ ৪৬৮৯ গৰাকী হিতাধিকাৰীক মুঠ ২,২৩,৪৫,৫৬৪.০০ টকাৰ সাহায্য বিতৰণ ৷

Telegram

তামুলপুৰত বিকাশৰ — ১২ দিন কাৰ্যসূচী ৰূপায়ন ৷

৪৬৮৯ গৰাকী হিতাধিকাৰীক মুঠ ২,২৩,৪৫,৫৬৪.০০ টকাৰ সাহায্য বিতৰণ ৷

 

 

তামুলপুৰঃ১৭ ডিচেম্বৰঃ

অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ হোৱা বিকাশৰ —১২ দিন উপলক্ষে আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দ্বিতীয় দিনৰ বাবে কচুবাৰীস্থিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিকাশৰ – ১২ দিন ৷ অনুষ্ঠানত অসমৰ চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আদৰণী ভাষণ দিয়া সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, মীন, হস্ততাঁত বস্তশিল্পৰ ক্ষেত্ৰত প্ৰশাসনে নিৰ্বাচিত কৰা হিতাধিকাৰী সকলৰ মাজত চৰকাৰী সাহায্যৰ অনুদান ৰ চেক সমূহ বিতৰণ কৰা হয় ৷ উক্ত অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিটিআৰৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, এম চি এল এ ক্ৰমে পবিত্ৰ কুমাৰ বড়ো আৰু হেমন্ত কুমাৰ ৰাভাই অংশ গ্ৰহণ কৰে ৷ মুখ্য অতিথিৰ আসনৰ পৰা মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৰাজ্য চৰকাৰ খনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত এনেদৰে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বাবে সাহায্য বিতৰণ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এই সাহায্যৰ ধন উচিত ভাৱে ব্যৱহাৰ কৰিবলৈ ও আহ্বান জনায় কেবিনেট মন্ত্ৰী গৰাকীয়ে৷ তেওঁ মহিলা সকলক আগবঢ়োৱা আৰ্থিক সাহায্য ৰ প্ৰতিটো টকা ভাল কামত খৰছ কৰিবলৈ আৰু আত্মসংস্থাপনৰ বাট মুকলি কৰি কি দৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰি তাৰ চেষ্টাত ব্ৰতী হবলৈ তেওঁ আহ্বান জনায়। আনহাতে হস্ততাঁত খণ্ডৰ লগতে মৌ পালন, দুগ্ধ উৎপাদন আদিৰ দৰে কামত মহিলা সকল নিয়োজিত হৈ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজকে ব্যাস্ত ৰাখি কৰ্মজীৱন আৰম্ভ কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিভিন্ন আচনিৰ সুবিধা গ্ৰহণ কৰি উপযুক্ত প্ৰশিক্ষণৰ দিহা কৰাৰ কথাও দোহাৰে ৷ বিধায়ক জলেন দৈমাৰীয়ে হিতাধিকাৰী সকলে লাভ কৰা অনুদানৰ ধন উপযুক্ত ভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ আজিৰ অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগ ৰ ফলত ক্ষতিগ্ৰস্ত ২১২ গৰাকীক মুঠ ৪১৯৬০০০টকা ৬০৪ গৰাকীক ২৮৯৮০০০ কৃষি ক্ষেত্ৰত ক্ষতিগ্ৰস্ত ৩৩১৪ গৰাকীক ১৩৭২৪২৬৪ হস্ততাঁত বস্ত্ৰশিল্প ৰ ক্ষেত্ৰত ১৬৪ গৰাকী ক ৮২০০০০ মীন খণ্ডৰ ক্ষতিগ্ৰস্ত ৩৬২ গৰাকী ক ৫৪২৩০০ সহ সৰ্বমুঠ ৪৬৮৯ গৰাকী হিতাধিকাৰীকৰ বিপৰীতে ২,২৩,৪৫,৫৬৪ টকাৰ সাহায্য বিতৰ কৰা হয় ৷ ইয়াৰোপৰি পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ ফালৰ পৰা ৩৭ গৰাকী উদ্যমী মহিলাক ৪০,০০০ টকাৰ একোখনকৈ চেক বিতৰন কৰা হয়। আজিৰ সভাত জিলা কৃষি বিভাগ, মীন, জলসম্পদ, এছ আৰ এল এম আদি বিভাগৰ বিষয়া সকলৰ উপৰিও জিলা খনৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰ কবিতা ফাংচু অনুপম ডেকা, ৰাজহ চক্ৰ বিষয়া ইলিমা কাণ্ডুলনা, দুৰ্যোগ প্ৰশমন বিভাগৰ ডি ডি এম চন্দ্ৰা সিং সহিতে

আন আন বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।

Exit mobile version