
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত।
তামুলপুৰ ২১ নৱেম্বৰ
তামুলপুৰ জিলাৰ ভালত-ভূটান সীমান্তৰ পলাশবাৰীত আজি সন্ধিয়া বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক নিহত হয় । নিহত লোক জন হল পলাশবাৰী গাঁওৰ ৰিমিচ তীৰ্কী (৪০)। ঘটনাৰ বিবৰণীমতে আজি সন্ধিয়া পলাশবাৰী গাঁওৰ ৰিমিচ তীৰ্কীয়ে ঘৰৰ পৰা ওলাই আহোতে অতৰ্কিতে অকলশৰীয়া এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত থিতাতে নিহত ৰিমিচ তিৰ্কী নামৰ লোক জন। ৰিমিচ তিৰ্কী নামৰ লোকজন বনৰীয়া হাতীৰ আক্ৰমণ নিহত হোৱাৰ খৱৰ লাভ কৰা লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকী লৈ আনে। ইপিনে ঘটনাস্থলীত কুমাৰীকাটা বন বিভাগৰ লগ উপস্থিত হয় বনৰীয়া হাতীটো খেদি পঠিয়াই। স্থানীয় ৰাইজে বন বিভাগৰ লোকক বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান জনাই। উল্লেখযোগ্য যে ভাৰত ভূটান সীমান্তত ভয়াবহ ৰূপ লৈছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে। বিগত প্ৰায় কেইবাহ মাহ ধৰি হাতী মানুহৰ সংঘাতত দিশহাৰা হৈ পৰিছে কৃষক আৰু সৰ্বসাধাৰণ ৰাইজ। পাহাৰত খাদ্যৰ অভাৱত ভোগা শ শ বনৰীয়া হাতীয়ে পোৱালি সহ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি দীৰ্ঘদিন ধৰি ভূটান সীমান্তৰ কুমাৰীকাটা, পলাশবাৰী, আঙাৰকাটা, চেচেপানী আদি অঞ্চলত আশ্ৰয় লৈ আছে আৰু নিশা হলেই হাতীৰ জাক সমূহ সৰু সৰু ভাগত বিভক্ত হৈ গ্ৰামাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ-দুৱাৰ ভাঙি, মানুহ হত্যা কৰি অবিৰত ভাৱে তাণ্ডৱ চলাই আহিছে। গঞা ৰাইজে ফটকা ফুটাই, কাঁহী বাতি, টিন বজাই, জুই জ্বলাই হাতীৰ জাকক খেদিবলৈ চেষ্টা চলায় যদিও হাতীৰ জাকটোক খেদিবলৈ অসমৰ্থ হয়।