তামুলপুৰত বন্য হস্তীৰ আক্ৰমণত নিহত এজন লোক
তামুলপুৰ, ২ ছেপ্টেম্বৰঃ
তামুলপুৰ জিলাৰ ভূটান সীমান্ত সংলগ্ন দেৱীনগৰ গ্ৰামত নিশা সংঘটিত এক দুঃখজনক ঘটনাত এজন লোক বন্য হাতীৰ আক্ৰমণত নিহত হয়। নিহত লোকজনক চিনি পাইছেগৈ বুধু ৰাই মূৰ্মু (৫৫) বুলি।
স্থানীয়সূত্ৰে জনা যায়, নিশা বনৰীয়া হাতী এজনৰ আক্ৰমণত দেৱীনগৰ অঞ্চল আতঙ্কিত হৈ উঠে। হাতীটোৱে বহু ঘৰ ভাঙি লণ্ডভণ্ড কৰে। এই সময়ত গৃহস্থলীৰ ক্ষতি ৰক্ষা কৰিবলৈ আৰু হাতী খেদিবলৈ গৈছিল বুধু ৰাই মূৰ্মু। দুর্ভাগ্যবশতঃ হাতীটোৱে তেওঁক আক্ৰমণ কৰি নিহত কৰে।
এই ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ নামাই আনিছে। স্থানীয় লোকসকলে কয়, দীৰ্ঘদিন ধৰি সীমান্ত অঞ্চলত বন্য হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে আৰু প্ৰশাসনে ইয়াৰ সঠিক ব্যৱস্থা ল’ব লাগে।