BTR NEWS

তামুলপুৰত বডোলেণ্ড চিইএম কাপৰ শুভাৰম্ভ

Telegram

তামুলপুৰত বডোলেণ্ড চিইএম কাপৰ শুভাৰম্ভ

তামুলপুৰ, ২৪ জুন

 

আজিৰে পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গয়বাৰী সমষ্টিৰ তত্বাৱধানত বডোলেণ্ড চিইএম (CEM) কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। এই খেলৰ উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক শ্ৰী জলেন দৈমারীয়ে।

 

উল্লেখযোগ্য যে, প্ৰথমতে এই প্ৰতিযোগিতা VCDC ভিত্তিত অনুষ্ঠিত হৈ আহিছে। পৰৱৰ্তী পৰ্যায়ত পৰিষদীয় ভিত্তিত এই খেলসমূহৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী খেলখন কালাকুছি আৰু উলুবাৰী VCDC-ৰ মাজত অনুষ্ঠিত হয়।

 

উক্ত খেল প্রতিযোগিতাত গয়বাৰী সমষ্টিৰ সকলো VCDC-ই অংশ গ্ৰহণ কৰিব। সমষ্টিৰ ক্ৰীড়া বিকাশৰ বাবে এই ধৰণৰ আয়োজন এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি আয়োজকসকলে মন্তব্য কৰে।

 

Exit mobile version