তামুলপুৰত প্ৰাক্ বৰদিন উৎসৱ উৎযাপন।  

Telegram

তামুলপুৰত প্ৰাক্ বৰদিন উৎসৱ উৎযাপন।

 

তামুলপুৰ ৪ ডিচেম্বৰ।

 

বৰদিনলৈ মাজত মাত্ৰ কেইদিনমান বাকি থকাৰ সময়তে তামুলপুৰ জিলাৰ খ্ৰীষ্টিয়ান সমন্বয়ৰ সমিতিৰ সৌজন্যত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰৰ মটঙা চ’কত প্ৰাক্ বৰদিন উৎসৱ উদযাপন কৰা হয়। পুৱাৰে পৰা অনুষ্ঠিত হোৱা প্ৰাক্ বৰদিনৰ উৎসৱত উপসনা পৰিচালনা কৰে তামুলপুৰ জিলা খ্ৰীষ্টিয়ান সমন্বয় সমিতিৰ সভাপতি কবিন চন্দ্ৰ বড়োৱে। ইয়াৰ পিছতে

প্ৰভু যীচুৰ ওচৰত প্ৰাৰ্থনা, বাবেইবেল পাঠৰ লগতে অসমীয়া, বড়ো, চানতালী নৃত্য প্ৰদৰ্শন কৰা। দুপৰীয়া বাইবেলৰ ২:১০-১১ অধ্যায়ৰ “ভয় নাকৰিবা…” মূল বিষয় হিচাপে লৈ নিদিষ্ট বক্তব্য ৰাখে হৰিশিঙা খ্ৰীষ্টিয়ান সমন্বয় সমিতিৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক ৰেভাৰেণ্ড সন্তোষ দৈমাৰীয়ে। আবেলি আশীৰ্বাদ প্ৰাৰ্থনাৰে প্ৰাক্ বৰদিনৰ উৎসৱৰ সামৰণি পৰে। আজিৰ এই প্ৰাক্ বৰদিনৰ অনুষ্ঠানত দৰঙ্গাজুলি পৰিষদীয় সমষ্টি এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা খ্ৰীষ্টিয়ান সমন্বয় সমিতিৰ সাধাৰণ সম্পাদক বনিফেছ বেছৰাৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত গীৰ্জা সমূহৰ সভাপতি সম্পাদকৰ লগতে সহস্ৰাধিক সদস্য সকল উপস্থিত থাকে।

  • Related Posts

    ৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ।

    Telegram

    TelegramTweet৬৮ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন ================================= তামুলপুৰ ১৫ ছেপ্তেম্বৰ:-   তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ এখন সাধাৰন সভা যোৱাকালি আবেলি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত…

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *