তামুলপুৰত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানত অংশগ্ৰহণ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Telegram

তামুলপুৰত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানত অংশগ্ৰহণ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

 

তামুলপুৰ, ২৯ জুনঃ

 

তামুলপুৰ জিলাৰ চন্দনপুৰৰ ৩৫ নম্বৰ বুথত আজি প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানৰ লাইভ সম্প্ৰসাৰণ কৰা হয়। বিজিপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানটোত বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস সহ বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা তথা অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোক (পুৰুষ, মহিলা) উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানটো উপভোগ কৰে। সমগ্ৰ দেশত দুৰদৰ্শনৰ জড়িয়তে লাইভ সম্প্ৰচাৰিত প্ৰধানমন্ত্ৰীৰ “মন কী বাত” অনুষ্ঠানটো উক্ত অঞ্চলৰ ৰাইজেও শৃংখলাবদ্ধভাৱে উপভোগ কৰি আপ্লুত হয়। উক্ত কাৰ্যসূচীৰ জড়িয়তে সৰ্বসাধাৰণ ৰাইজৰ মাজত ধনাত্মক প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰে অঞ্চলটোৰ ৰাইজে। প্ৰধানমন্ত্ৰীৰ আজিৰ “মন কী বাত” অনুষ্ঠানটোত বড়োলেণ্ড চিএম (CEM) কাপ তথা নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলৰ শক্তিক কেনেকৈ প্ৰতিভাৰে বিকশিত কৰা হৈছে তাৰ এক জীৱন্ত প্ৰকাশ আৰু অসমৰ ক্ৰীড়াৰ উত্তৰণৰ বিষয়ে উল্লেখ কৰে। আজিৰ এই কাৰ্যসূচীৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বিটিআৰৰ ৰাজনীতি সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে– এইবাৰ এখন যুঁজ হ’ব বুলি গৌৰৱ গগৈয়ে কৈ থাকিলেই নহব। সম্পূৰ্ণ যুঁজ এখন কৰি দেখুৱাওঁক। আমি যুঁজৰ বাবে সাঁজু আছো। এইক্ষেত্ৰত কংগ্ৰেছক বিটিআৰৰ ৪০ টা সমষ্টিতে নিৰ্বাচন খেলিবলৈ আহ্বান জনাই দিলীপ শইকীয়াই। ইপিনে হাগ্ৰামা মহিলাৰীৰ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত এক নম্বৰত থাকিব বুলি কোৱা বক্তব্য প্ৰসংগত তেওঁ কয় যে– বিজেপি দল অহা নিৰ্বাচনত এক নম্বৰত থাকিব এইটো নিশ্চিত ইয়াৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল দুই নম্বৰত থাকে নে তিনি নম্বৰত থাকে সেইটো সময়ে কব। সম্প্ৰতি বিটিআৰৰ প্ৰতিটো দলৰ সাংগঠনিক কাম চলি আছে। ৰাজনৈতিক ভাৱে আমাৰ দলে ৩৮ টাত নে ৪০ টাত নিৰ্বাচন খেলিম এতিয়াও স্পষ্ট হোৱা নাই। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থীত্ব নিদিয়াৰ কথা আছে যদিওঁ তেওঁলোকে দুটাকৈ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়ালে কিন্তু আমাৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিম। আমাৰ দলৰ নিৰ্বাচনকেন্দ্ৰিক সকলো কথা আগন্তুক আগষ্ট মাহত হে ঠিৰাং কৰা হ’ব। ইপিনে আজি অসম ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বিশেষ ভাৱে সক্ষম প্ৰনৱ কাকতি নামৰ এগৰাকী যুৱকক এখন ই-ৰিক্সা প্ৰদান কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *