তামুলপুৰত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।।

Telegram

তামুলপুৰত পানীৰ অভাৱত পথাৰত ছিৰাল ফাট।।

তামুলপুৰঃ১৩জুলাই

তামুলপুৰ জিলাৰ কেইবাটাও অঞ্চল খৰাঙৰ কৱলত । পানীৰ অভাৱত ছন পৰি ৰৈছে কেইখনো গাঁওৰ কৃষি ভূমি। আহাৰ মাহৰ শেষ দিনটোতো বৰুষুনৰ আশাত বন্দী কৃষক সকল ৷ কঠিয়া ৰোৱাৰ ভৰপক সময়তে তীব্ৰ খৰাঙত ভূই ৰুবলৈ চহ কৰা মাটি শুকাই ছিৰাল ফাট মেলাত তামুলপুৰ অঞ্চলৰ ডোংপাৰ,ৰামেচুবুৰী,গেৰুৱাপাৰ,লালডোং, কচুবাৰী আদি কেইবাখনো গাঁৱৰ কৃষক ৰ মাজত হাঁহাকাৰ অবস্থাৰ সৃষ্টি হৈছে।জলসিঞ্চন ৰ কোনো সু ব্যৱস্থা নথকা কেবল বৰষুণৰ পানীকে নিৰ্ভৰ কৰি কৃষি কাৰ্য কৰা বৃহত্তৰ অঞ্চলটোৰ হেজাৰ হেজাৰ মাটি এতিয়া খৰাঙৰ কবলত পৰি ছিৰাল ফাট মেলাত কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।উল্লেখ্য যে জলসিঞ্চন ৰ কোনো ব্যৱস্থা নথকা অঞ্চলটোৰ কৃষকসকলে বছৰ বছৰ ধৰি এটা প্ৰাকৃতিক ডোঙৰ পানী ওপৰতে নিৰ্ভৰ কৰি বাৰিষা কালত ধান খেতি কৰি আহিছে।বিগত কেইবাদিনো ধৰি সমগ্ৰ তামুলপুৰ জিলাখনেই খৰাঙৰ কবলত পৰাত বাঢ়ি অহা কঠিয়াসমূহো পথাৰতে নষ্ট হৈ হোৱাত কৃষকসকল বিমোৰত পৰা পৰিলক্ষিত হৈছে।উল্লেখ্য যে অঞ্চলটোত কোনো ধৰনৰ জলসিঞ্চন ৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল।অঞ্চলটোৰ
কৃষক সকলে বিভাগীয় কৰ্তৃপক্ষ তথা ,বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো লৈ কাতৰ অনুৰোধ কৰিছে জলসিঞ্চন ৰ ব্যৱস্থা কৰি দিয়াৰ বাবে। আনহাতে বৰষুনৰ অভাৱত খাল ডোং ৰ পানী শুকাই যোৱাত পৰিবেশতো কু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে ডোং ৰ পানীয়ে ঢুকি পোৱা অঞ্চলত কিছু খেতিয়কে কঠীয়া ৰোপন কৰিছে যদিওঁ সম্প্ৰতি পানীৰ অভাৱত বাৰুকৈয়ে বিপাঙত পৰিছে কৃষক সকল । আৰ্থিক ভাৱে কৃষক সকল ক্ষতিগ্ৰস্ত হোৱাও পৰিলক্ষিত হৈছে ৷

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *