BTR NEWS

তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

Telegram

তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

 

তামুলপুৰ, ২ জুলাই, ২০২৫ :

তামুলপুৰ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে এছ এছ বিৰ সহযোগত আজি মটঙা চ’ক, নাগ্ৰীজুলি কলেজ চ’ক আৰু কুমাৰীকাটাৰ ৰাইজিং ষ্টাৰ একাডেমী (বাঁহবাৰী)-ৰ ওচৰত পথ সুৰক্ষা সম্পৰ্কীয় কাউন্সেলিং কাৰ্যসূচী অনুষ্ঠিত কৰে। আজিৰ কাৰ্যসূচীৰ মূল বিষয় আছিল— দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰা; গাড়ী চলাওঁতে ছীটবেল্ট ব্যৱহাৰ কৰা; যান-বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা; মদ্যপান কৰি যান-বাহন নচলোৱা; আৰু দ্রুত গতি পৰিহাৰ কৰা। বিশেষকৈ দুচকীয়া বাহনত হেলমেট পৰিধান কৰাটো কিমান জৰুৰী, দুৰ্ঘটনা সংঘটিত হ’লে পৰিয়ালটিলৈ কেনে দুৰ্বিষহ দিন আহিব পাৰে, সেই সম্পৰ্কে চালকসকলক বুজোৱা হয়। আজি নিয়ম উলংঘা কৰা চালকসকলক জৰিমনা বিহাৰ বিপৰীতে সজাগতামূলক কাউন্সেলিঙৰ ব্যৱস্থা কৰা হয়। ভৱিষ্যতলৈ নিয়ম উলংঘা কৰা চালকসকলে নিশ্চিতভাৱে জৰিমনাৰ সন্মুখীন হ’ব লাগিব। হেলমেট পৰিধান নকৰিলে সৰ্বোচ্চ এক হাজাৰ টকালৈ জৰিমনা বিহাৰ নিয়ম আছে। আজিৰ মটঙা চ’কৰ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, জিলা পৰিবহণ বিষয়া স্তুতি পৰাশৰ, পৰিবহণ বিভাগৰ পৰিদৰ্শক কুলদীপ বৰ্মন, এছ এছ বিৰ বিষয়া আদি উপস্থিত থাকে। কুমাৰীকাটাত অনুষ্ঠিত কাৰ্যসূচীত গাইডেং চকস্থিত ২৪-বাহিনী এছ এছ বি জী কোম্পানীৰ সৈতে জী কোম্পানীৰ এ এছ আই চি কে মুছাহাৰী, পৰিবহণ বিষয়া ৰিক্ ৰঞ্জন দাস আদি উপস্থিত থাকে। আনহাতে নাগ্ৰীজুলিৰ কাৰ্যসূচীত বাক্সা পৰিবহণ বিভাগৰ পৰিদৰ্শক দিগন্ত ডেকা, নাগ্ৰিজুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চুছেন দাস, ২৪-বাহিনী গুৱাবাৰী ই কোম্পানী এছ এছ বিৰ পেট্ৰ’লিং কামাণ্ডাৰ বীৰেন্দ্ৰ সিংসহ আৰক্ষী আৰু এছ এছ বিৰ জোৱানসকল উপস্থিত থাকে। একে সময়তে জিলাখনৰ তিনি ঠাইত পথ সুৰক্ষা সম্পৰ্কীয় কাউন্সেলিং কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাৰ কাৰণে জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু এছ এছ বিক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

Exit mobile version