তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা

Telegram

তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ অভিযান বন্ধৰ ঘোষণা

 

*তামুলপুৰ, ১৮ ছেপ্টেম্বৰ, ২০২৫* :

 

 

তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে গণপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৬ অনুসৰি সমাগত বিটিচি নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ সময়সীমা ঘোষণা কৰিছে। সেই অনুসাৰি জিলাখনৰ ২৬-দৰঙাজুলি (জনজাতি), ২৭-নাগ্ৰীজুলি (অজনজাতি), ২৮-গয়বাৰী (জনজাতি), ২৯-শুক্লাই ছেৰফাং (জনজাতি) আৰু ৩০-গোৰেশ্বৰ (জনজাতি)-কে ধৰি পাঁচোটা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ ৪৮ ঘণ্টা আগৰ পৰা কোনো ব্যক্তি বা ৰাজনৈতিক দলে প্ৰচাৰ চলাব নোৱাৰিব। অর্থাৎ ২০ ছেপ্টেম্বৰ, ২০২৫-ৰ বিয়লি ৪ বজাৰ পৰা ২২ ছেপ্টেম্বৰ, ২০২৫-ৰ বিয়লি ৪ বজালৈকে প্ৰচাৰ অভিযান বন্ধ থাকিব‌। এই সময়ছোৱাত নিৰ্বাচনৰ লগত সম্পৰ্কিত কোনো সভা, মিছিল আদিৰ আয়োজন, যোগদান বা সম্বোধন কৰিব নোৱাৰিব; চলচ্চিত্ৰ, টেলিভিছন বা ইয়াৰ সদৃশ কোনো মাধ্যমত নিৰ্বাচনী বিষয়বস্তু প্ৰদৰ্শন কৰিব নোৱাৰিব আৰু সংগীতানুষ্ঠান, নাটক, বিনোদনমূলক অনুষ্ঠান আদিৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰিব নোৱাৰিব। তদুপৰি, সমষ্টিৰ বাহিৰৰ ৰাজনৈতিক নেতা, দলীয় কৰ্মী, শোভাযাত্ৰা আয়োজক বা প্ৰচাৰ কৰ্মী, যিসকল ভোটাৰ হিচাপে তালিকাভুক্ত নহয়, তেওঁলোকৰ উপস্থিতি এই সময়ছোৱাত অনুমোদিত নহ’ব। তেওঁলোকৰ অৱস্থানৰ ফলত স্বাধীন আৰু সুস্থ ভোটগ্ৰহণৰ পৰিৱেশ বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে।

  • Related Posts

    নাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।

    Telegram

    TelegramTweetনাগ্ৰীজুলিত ডাঃ উত্তম দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী। এইবাৰ বিটিচিত বিপিএফৰ চৰকাৰ হোৱাটো এশ শতাংশই নিশ্চিত।   বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিম- হাগ্ৰামা মহিলাৰী।   ডাঃ…

    মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

    Telegram

    TelegramTweetমুছলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ   বাক্সাঃ বাক্সাৰ সুৱনখাটাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।   তেওঁ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *