তামুলপুৰত নিৰ্বাচনত এক ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল
তামুলপুৰ, ২ ছেপ্টেম্বৰঃ
তামুলপুৰ জিলাৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত আজি এগৰাকী ব্যতিক্ৰমী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কেন্দ্ৰবিন্দু হৈ পৰে। প্ৰানজিৎ কুমাৰ বিশ্বাস নামৰ প্ৰাৰ্থীগৰাকী নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে।
প্ৰানজিৎ কুমাৰ বিশ্বাসে নিজকে কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনুগামী বুলি দাবী কৰি সংবাদমাধ্যমৰ সন্মুখত ঘোষণা কৰে, “যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো ৰে” নীতিৰ আধাৰত তেঁও অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
তেওঁৰ মন্তব্য অনুসৰি, নাগ্ৰীজুলি সমষ্টিত বিজেপি কোনো ফেক্টৰ নহয়। তেঁও বিশ্বাস প্ৰকাশ কৰে যে জনসাধাৰণৰ ব্যাপক সমৰ্থন লাভ কৰি ১৬ হাজাৰতকৈও অধিক ভোটেৰে জয়ী হব।
অন্যফালে, তামুলপুৰ জিলাৰ ২৯ নং শুক্লাইচেৰফাং পৰিষদীয় সমষ্টিৰ পৰা VPI দলৰ প্ৰাৰ্থী ৰূপান বসুমতাৰীও আজি মনোনয়ন দাখিল কৰে।