BTR NEWS

তামুলপুৰত দেশভক্তি দিৱস পালন

Telegram

তামুলপুৰত দেশভক্তি দিৱস পালন

 

*তামুলপুৰ, ২৮ জুলাই, ২০২৫ :

 

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰতো আজি মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৬সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে জিলা আয়ুক্তৰ সভাগৃহত পঞ্চম বাৰ্ষিক ‘দেশভক্তি দিৱস’ পালন কৰা হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাখনৰ আৰম্ভণিত দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিত মুখ্য অতিথি তথা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাস, পাৰিষদ হেমন্ত কুমাৰ ৰাভা, “বাৰ্তাপখিলী”ৰ সম্পাদক তথা নিৰ্দিষ্ট বক্তা ব্ৰজেন্দ্ৰনাথ ডেকা, অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, হেমাশ্ৰী খনিকৰ আদিয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাবে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে দেশভক্তগৰাকীৰ স্মৃতিত গভীৰভাৱে আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক দেশভক্তগৰাকীয়ে নিজে লিখা তথা তেওঁৰ বিষয়ে লিখা আন গ্ৰন্থ অধ্যয়ন কৰিবলৈও পৰামৰ্শ আগঢ়ায়। দেশভক্তগৰাকীৰ জীৱনৰ কেইটামান ৰসাল ঘটনাও তেওঁ নিজৰ ভাষণৰ মাজেৰে ব্যক্ত কৰে। তেওঁ কয়, “এটা সৰু ঘটনা— মহাত্মা গান্ধীয়ে অসমলৈ আহি তৰুণৰাম ফুকনৰ ড্ৰয়িং ৰুমত বহোঁতে বাঘৰ মূৰ এটা দেখিছিল। তেওঁ বাঘৰ মূৰটোৰ ফালে চাওঁতেই তৰুণৰাম ফুকনে কথাটো বুজি পালে। মহাত্মা গান্ধী আছিল অহিংসাৰ পূজাৰী। গতিকে তৰুণৰাম ফুকনে নিজেই মাত দি ক’লে যে বাঘটোৱে তেওঁলোকৰ বাৰীত গৰু-ছাগলী খাবলৈ আহিছিল; তেতিয়াই বাঘটোক মৰা হৈছিল! মহাত্মা গান্ধীয়ে জানিছিল যে তৰুণৰাম ফুকন আছিল এগৰাকী চিকাৰী। গতিকে গান্ধীজীয়ে তপৰাই ক’লে যে আজি যিহেতু মহাত্মা গান্ধী ইয়ালৈ আহিল, আজিৰ পৰা বাঘ ইয়ালৈ আৰু কেতিয়াও নাহে! সেইদিনাৰ পৰাই তৰুণৰাম ফুকনে চিকাৰ কৰা বাদ দিলে।” জিলা আয়ুক্তগৰাকীয়ে শেষত উল্লেখ কৰে, “স্বাধীনতাৰ আগৰ পৰাই তৰুণৰাম ফুকনক সমগ্ৰ ভাৰতবৰ্ষ‌ই চিনি পাইছিল। ক’বলৈ গ’লে সেই সময়ত তেওঁ এগৰাকী চেলিব্ৰেটী আছিল। কিন্তু আজি আমি বহুতেই তেওঁক ভালকৈ নাজানো। তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজি আমাৰ ছাত্ৰ-ছাত্ৰী তথা নৱপ্ৰজন্ম‌ই আঁকোৱালি ল‌ওক, তাকেই কামনা কৰিলো।” নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা মননশীল মাহেকীয়া আলোচনী “বাৰ্তাপখিলী”ৰ সম্পাদক তথা স্বত্বাধিকাৰ ব্ৰজেন্দ্ৰনাথ ডেকাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু আদৰ্শৰ ওপৰত সুচিন্তিত আৰু তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। তেওঁ নিজৰ ভাষণৰ মাজত উল্লেখ কৰে, “দেশভক্ত তৰুণৰাম ফুকন অসমৰ এক অমূল্য সম্পদ। অসহযোগ আন্দোলনৰ সময়ত অসমৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিল ৷ কংগ্ৰেছৰ পৰা আঁতৰত থাকিও তৰুণৰাম ফুকনে দেশৰ হকে যি বৰঙণি আগবঢ়ালে, তাক দেশবাসীয়ে সদায় মনত ৰাখিব ৷” তামুলপুৰ ছোৱালী হাইস্কুলৰ নৱম মানৰ ছাত্ৰী শ্বাহবিনা পাৰবীন, মাম্পী দে’ আৰু আবেদা বেগমেও তৰুণৰাম ফুকন সন্দৰ্ভত নিজৰ অনুভৱ আগবঢ়ায়। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ণ দাস, মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, নিৰ্দিষ্ট বক্তা হিচাপে “বাৰ্তাপখিলী”ৰ সম্পাদক ব্ৰজেন্দ্ৰনাথ ডেকা, অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। আদৰণী ভাষণ আৰু উদ্দেশ্য বাখ্যা আগবঢ়োৱাৰ লগতে অনুষ্ঠানটিৰ আঁত ধৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই। অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে‌।

Exit mobile version