তামুলপুৰত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ*

  • Current
  • January 17, 2025
  • 0 Comments
Telegram

*তামুলপুৰত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুদিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ*

 

*তামুলপুৰ, ১৭ জানুৱাৰী, ২০২৫* : আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আৰু তামুলপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলা পৰ্যায়ত “ইনচিডেণ্ট ৰেছপনছ্ ছীষ্টেম” সম্পৰ্কীয় এখনি দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে মুকলি কৰা এই কাৰ্যসূচীত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া নৱ ডেকা, ধনজিৎ গগৈ আৰু অনন্ত সুমাতাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। বিভিন্ন দুৰ্যোগৰ পৰা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত সজাগতা আৰু প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়‌। প্ৰশিক্ষণ কাৰ্যসূচীয়ে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলক সাহস তথা উদগনি যোগায়। অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰৰ সামৰণী ভাষণেৰে অন্ত পৰা আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপৰি আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া, সেনাবাহিনী, আৰক্ষী বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, এছ এছ বি, এছ ডি আৰ এফৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় তথা শেষৰ দিনটোত দুৰ্যোগ সম্পৰ্কীয় মক্-ড্ৰিল অনুষ্ঠিত হ’ব।

  • Related Posts

    • Current
    • September 12, 2025
    • 4 views
    • 1 minute Read
    ডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

    Telegram

    TelegramTweetডিগবৈত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু   ডিগবৈৰ নাজিৰাটিং তামুলী বন গাঁৱত আজি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাঁৱখনৰ বাসিন্দা মতেশ্বৰ মৰাণ নামৰ এজন ব্যক্তিৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত।  …

    • Current
    • September 12, 2025
    • 6 views
    • 1 minute Read
    চামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান

    Telegram

    TelegramTweetচামগুৰিত কংগ্ৰেছৰ গোপন বৈঠক, ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান   চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছ দলে বৰ্তমান গোপন রাজনৈতিক তৎপৰতাত মগ্ন। কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা কথাতেই তীব্ৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *