তামুলপুৰত দুদিনীয়া গণিত আৰু বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি-
তামুলপুৰ,১৫ জুলাই
স্বেচ্ছাসেৱী সংগঠন আগস্ট্যা ইন্টাৰনেশ্বনেল ফাউণ্ডেছনৰ উদ্যোগত আৰু বিটিআৰ চৰকাৰৰ সহযোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুস্থিত গণিট আৰু বিজ্ঞান শিক্ষকৰ প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে ৷ তামুলপুৰ জিলা ভিত্তিক অনুস্থিত শিক্ষক প্ৰশিক্ষণ শিবিৰটোত তামুলপুৰ জিলা কেবাখনো উচ্চমাধ্যমিক বিদ্যালয়ৰ ৪০ গৰাকীকৈ বিজ্ঞান আৰু গণিট শিক্ষক শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ প্ৰশিক্ষন শিবিৰত বিজ্ঞানৰ ক্ষুদ্ৰ ৰাসায়নিক বিজ্ঞানৰ সমীকৰণ, জীৱ বিজ্ঞান,গণিটৰ জটিল সমীকৰণ, কাৰিকৰী অভিযান্ত্ৰিক শিক্ষা প্ৰণালীবদ্ধ ভাৱে কেনেদৰে সহজভাৱে বুজি পোৱাকৈ ছাত্ৰ ছাত্ৰীক শিকাব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷ প্ৰশিক্ষন শিবিৰত বেংগুলুৰুৰ অভিজ্ঞ শিক্ষক প্ৰশিক্ষক
মনিৰাজু আৰু ভেংকটেশ,অশ্বনি কুচৱাহা,মনোজ শৰ্মা অশোক ব্ৰহ্মই শিক্ষক সকলক প্ৰশিক্ষণ ৷ দুদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰটো কালি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে তামুলপুৰ খণ্ড শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্মই ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ বিভূতি ডেকা ৷