তামুলপুৰত দুগ্ধ উৎপাদন আৰু কৃষি সংযুক্ত খণ্ড সন্দৰ্ভত কৰ্মশালা।

Telegram

তামুলপুৰত দুগ্ধ উৎপাদন আৰু কৃষি সংযুক্ত খণ্ড সন্দৰ্ভত কৰ্মশালা ।

 

তামুলপুৰ, ২৮ নৱেম্বৰ, ২০২৪:

আজি তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত “দুগ্ধ উৎপাদন আৰু কৃষি সংযুক্ত খণ্ড” বিষয়ক এক কৰ্মশালা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে দুগ্ধ উৎপাদন তথা কৃষি খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীসকলক অনুপ্ৰাণিত কৰে আৰু সকলোকে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। দুগ্ধপালন তথা সমবায় খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰতো বিভিন্ন বিভাগৰ সহযোগিতা সম্পৰ্কেও সভাত বিতংভাৱে আলোচনা কৰা হয়, যাতে কৃষকসকল বিশেষভাৱে উপকৃত হ’ব পাৰে। গ্ৰাম্য অৰ্থনীতিত গো-পালন তথা কৃষি খণ্ড‌ৰ যে এক বিশেষ অৱদান আছে, সেই সম্পৰ্কেও জিলা আয়ুক্তগৰাকীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। জিলাখনৰ কৃষি বৃদ্ধিৰ বাবে এক সামূহিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি বহুমূলীয়া আলোচনাৰে অনুষ্ঠানটোৰ সামৰণি পৰে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ সভাখনত সীতাজখলাৰ “ডি ইউ এছ এছ লিমিটেড”ৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা, কাৰিকৰী উপদেষ্টা বিকাশ ভৰালী, বিটিচিৰ পশুপালন বিভাগৰ অ’ এছ ডি পুষ্পধৰ দাস, অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত, বিভাগীয় বিষয়া, কৃষক আৰু মূল সমল ব্যক্তিসকল উপস্থিত থাকে।

  • Related Posts

    নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*

    Telegram

    TelegramTweet*নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন*   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫     সমাগত বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১২ ছেপ্টেম্বৰত নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে ৩০-গোৰেশ্বৰ (জনজাতি) সমষ্টিৰ…

    তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ* _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_

    Telegram

    TelegramTweetতামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ _ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_   তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫   তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *