BTR NEWS

তামুলপুৰত দিন ডকাইতিৰ ঘটনা — দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি লুটিলে নগদ ধন ৷

Telegram

তামুলপুৰত দিন ডকাইতিৰ ঘটনা —

দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি লুটিলে নগদ ধন ৷

 

নিয়মীয়া বাৰ্তা , তামুলপুৰ , ২৩ ডিচেম্বৰ :

 

তামুলপুৰ জিলা সদৰস্থিত বাৰেইগাৱত আজি দিন দুপৰতে এখন ইনোভা বাহনৰ গ্লাাছ ভাঙি এখন ৰঙা বেগ সহ নগদ ৩.৫০ লাখ টকা লুটি নিয়া ঘটনাই জিলা সদৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে তামুলপুৰৰ ব্যৱসায়ী স্বপন সিংহাৰ AS- 01– DQ – 4277 গাড়ীত সংঘটিত হয় এই ঘটনা ৷ আজি পুৱা স্বপন সিংহাই এইচ ডি এফ চি বেংকৰ তামুলপুৰ শাখাৰ পৰা নিজৰ একাউণ্টৰপৰা নগদ ৩-৫০ লাখ টকা উলিয়ায় ৷

 

ব্যৱসায়ী গৰাকী বেংকৰ পৰা ধন খিনি এটা ৰঙা ৰঙৰ বেগত ভৰাই গাড়ীতে ৰাখি এপাক তামুলপুৰত নিজৰ কিছু কাম কৰি পুনৰ ঘৰলৈ আহি নিজৰ গেৰেজত গাড়ীখন ৰাখি ঘৰৰ চৌহদত প্ৰৱেশ কৰে । সেই সময়তে বাহনখনৰ আগফালৰ গ্লাছ ভাঙি নগদ ধন সহ বেগখন লৈ সেই স্থান ত্যাগ কৰে দুৰ্বৃত্তই ।

 

কিছু সময় পিছতে ব্যৱসায়ী গৰাকীয়ে নিজৰ গাড়ী নিবলৈ আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। লগে লগে আৰক্ষীক ঘটনাৰ সবিশেষ অৱগত কৰাত তামুলপুৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

 

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে এই ডকাইতিৰ ঘটনাৰ সতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে যুৱ ব্যৱসায়ী স্বপন সিংহাই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

Exit mobile version