তামুলপুৰত তেল মাফিয়াৰ দপদপনি। সাতখন অবৈধ পে’ট্ৰল ভৰ্তি বাহন সহ ছজন লোকক আটক তামুলপুৰ আৰক্ষীৰ।

  • Current
  • January 19, 2025
  • 0 Comments
Telegram

তামুলপুৰত তেল মাফিয়াৰ দপদপনি।

সাতখন অবৈধ পে’ট্ৰল ভৰ্তি বাহন সহ ছজন লোকক আটক তামুলপুৰ আৰক্ষীৰ।

তামুলপুৰ, ১৮ জানুৱাৰীঃ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত একাংশ তেল মাফিয়াই ভূটানৰ পৰা পে’ট্ৰল, ডিজেল সমূহ অবৈধভাৱে ক্ৰয় কৰি আনি জিলাখনৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছিল। ভূটানৰ পৰা ৬০/৬৫ টকা দৰত কেইবা হাজাৰ লিটাৰ পে’ট্ৰল ক্ৰয় কৰি আনি টেল মাফিয়াৰ এটা বৃহৎ চক্ৰই জিলাখনৰ পান দোকান, গেলামাল দোকান, চাহ দোকান আদিত অবৈধভাৱে বিক্ৰী কৰি চৰকাৰৰ ৰাজহ সংগ্ৰহত বৃহত ক্ষতি কৰি আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত এক গোপন সূত্ৰৰ পমখেদি তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ নিৰ্দেশত পুৱতি নিশা তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চেইজাং চুংলাই, দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত গগৈ আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদীপ গোহাঁইৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত অবৈধ পে’ট্ৰল ভৰ্তি ৭ খন বাহন জব্দ কৰাৰ লগতে ৬ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। এএছ-০১ ডিডব্লিউ-৯৩৯৯, এএছ-০১ এবি-০৭৩২, এএছ-০৩ ডি ৪৪২৬, এএছ০১ এএফ ৩৫৩৫, এআৰ-০৩-১২৮১, এএছ-১৯ ই-৮১৬১ আৰু এএছ-০১ এজি-৩৩১৯ নম্বৰৰ ৫খন চেণ্ট্ৰো, ১খন ইণ্ডিগো আৰু ১খন বলেৰো বাহনেৰে তথা প্ৰতিখন বাহনে অতিৰিক্ত তেলৰ টেঙ্কি ডাঙৰকৈ বনাই লৈ সৰ্বমুঠ ৬০০ লিটাৰৰো অধিক পে’ট্ৰল ভূটানৰ পৰা লৈ আহিছিল। ভূটানৰ পৰা পুৱতি নিশা অবৈধভাৱে পে’ট্ৰলসমূহ আনি থকা অৱস্থাত গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে চলোৱা তালাচী অভিযানত বাহন সমূহ জব্দ কৰাৰ লগতে সীমান্তৱৰ্তী কেইবাটাও ভিতৰুৱা পথত আৰক্ষীয়ে বাহন সমূহ জব্দ কৰে আৰু ইয়াৰে তিনিখন বাহন আৰক্ষীয়ে খেদি খেদি ধৰিবলৈ সক্ষম হয়। বাহন সমূহৰ লগতে ৬ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় যদিও আন এগৰাকী লোকে পে’ট্ৰল ভৰ্তি বাহনখন এৰি নিশাৰ এন্ধাৰৰ সুজোগ লৈ ঘন জংঘলৰ ফালে পলাই যায়। আটকাধীন লোককেইজন ক্ৰমে- আদম গয়াৰী (২১), কালম আলী (২২), নুৰ হুছেইন আলী (২৫), দয়াল বিশ্বাস (৩৫), আমিৰ আলী (২৫) আৰু হবিব আলী (২০)। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সীমান্তৱৰ্তী অঞ্চলটোত এনেদৰে অবৈধভাৱে পে’ট্ৰল ডিজেল কঢ়িওৱা বাহন সহ তেল মাফিয়াৰ বৃহত চক্ৰটো উৎখাত কৰিবলৈ তামুলপুৰ আৰক্ষীৰ অভিযান অব্যাহত থাকিব।###

  • Related Posts

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ

    Telegram

    TelegramTweetতামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ     তামুলপুৰ,১১ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি নিশা ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত…

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

    Telegram

    TelegramTweetতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা   তামুলপুৰ,১২ ছেপ্তেম্বৰ-   তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তিনি গৰাকী অৱসৰী গাঁও প্ৰধানক কালি আনুস্থানিক ভাৱে বিদায়় সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *