তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

Telegram

তামুলপুৰত তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃ ক্লাৱ ফুটবল লীগ আৰম্ভঃ

 

তামুলপুৰ,২০ জুলাইঃ

 

তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃক্লাৱ ফুটবল লীগ-২০২৫ ৷ আজি খেলখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভাই ৷ ইয়াৰ পূৰ্বে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৱেন বড়োই ৷ আজি অনুষ্ঠিত উদ্বোধনী খেলত অংশগ্ৰহণ কৰি নাওকাটা ট্ৰাইবেল যুৱ উন্নয়ন সংঘ আৰু কুমাৰীকাটা সোনমণি যুৱক উন্নয়ন সংঘই ১-১ পইণ্ট পাবলৈ সক্ষম হয় ৷ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ নাথ দাস, সাধাৰণ সম্পাদক কমলাকান্ত বড়ো, শাৰীৰিক নিৰ্দেশক খৰ্গেশ্বৰ দাস,

তামুলপুৰ পৌৰ সভাৰ অধ্যক্ষ বাণীকান্ত বসুমতাৰী,ৰত্নেশ্বৰ বড়োকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা উদ্বোধনী খেলখন পৰিচালনা কৰে তৰুণ ৰাজবংশীয়ে , লাইনত সহায় কৰে বৈহাচাৰ বড়ো, সঞ্জয় বড়ো আৰু জিণ্টন বড়োৱে। তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক মথুৰা বড়োই জনোৱা মতে মুঠ ৮ টা ফুটবল দলে অংশগ্ৰহণ কৰা এই তৃতীয় বাৰ্ষিক চুপাৰ ডিভিজন আন্তঃক্লাৱ ফুটবল লীগ খন ৩০ জুলাইত অন্ত পৰিব৷##

  • Related Posts

    BCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।

    Telegram

    TelegramTweetBCCI এ ২০২৩–২৪ আৰ্থিক বছৰত অৰ্জন কৰা সম্পূৰ্ণ উপাৰ্জন দাঁড়ায় ₹9,741.7 কোটি, যাৰ ≈59% অংশ আয় হৈছিল IPL-ৰ মাধ্যমে (~₹5,761 কোটি) ।     📊 আয়ৰ အေাৱৰণ:   সৰ্বমুঠ উপাৰ্জন…

    তামুলপুৰত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণিঃ

    Telegram

    TelegramTweetতামুলপুৰত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণিঃ     তামুলপুৰ,১৬ জুলাইঃ   তামুলপুৰ জিলা ক্ৰিকেট এছ’চিয়েশ্বনৰ উদ্যোগত যোৱা ২ জুলাইৰ পৰা তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *