BTR NEWS

তামুলপুৰত ‘তামুলপুৰ গোল্ড’ প্রকল্পৰ অধীনত ঋণ মেলা অনুষ্ঠিত: ৪৩ কোটি টকাৰ ঋণ বিতৰণ

Telegram

তামুলপুৰত ‘তামুলপুৰ গোল্ড’ প্রকল্পৰ অধীনত ঋণ মেলা অনুষ্ঠিত: ৪৩ কোটি টকাৰ ঋণ বিতৰণ

 

📅 তাৰিখ – ১৮ জুলাই, ২০২৫

📍 স্থান – তামুলপুৰ

 

তামুলপুৰ জিলাৰ সৰ্বাঙ্গীণ উন্নয়নৰ লক্ষ্যৰে আজি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন বেংক তথা বিভাগৰ সহযোগত ‘তামুলপুৰ গোল্ড’ নামৰ এক বিশেষ প্ৰকল্পৰ অধীনত অনুষ্ঠিত হ’ল ঋণ মেলা।

 

এই ঋণ মেলাৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী, উদ্যমী পুৰুষ-মহিলা সকলে ব্যৱসা, উদ্যোগ আৰু আত্ম-নিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হয়।

 

🔹 এই কাৰ্যসূচীত—

 

৬৪০ টা আত্মসহায়ক গোট

 

৩১০ গৰাকী ব্যক্তিগত উদ্যোক্তা

 

মুঠ ৪৩ কোটি টকাৰ ঋণ বিতৰণ কৰা হয়।

 

 

ঋণ গ্ৰহণকাৰীসকলে পশুপালন, কৃষি, মীন পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগত লগান ধৰি নিজৰ উদ্যোগ আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

এই অনুষ্ঠানৰ জৰিয়তে তামুলপুৰ জিলা স্বাৱলম্বী আৰু উৎপাদনশীল সমাজৰ ৰূপ লৈ আগুৱাই যোৱাৰ আশাবাদ ব্যক্ত কৰে জিলা প্ৰশাসনে।

 

Exit mobile version