তামুলপুৰত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত
তামুলপুৰ জিলাত ডি ভোটাৰ সমস্যাৰ বুজ লবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সভাপতি দীপক দে উপস্থিত হয়। লক্ষীনাৰায়ণপুৰ আৰু লতিবাৰী অঞ্চলত স্থানীয় বুদ্ধিজীৱী ৰাইজৰ সৈতে বিস্তৃত বাৰ্তালাপ কৰে তেওঁ।
দীপক দেৱে স্পষ্টকৈ কয় — “ডি ভোটাৰ বিষয়ক কোনো ৰাজনৈতিক ইছ্যু কৰা নালাগে, কোনো ৰাজনৈতিক দলে এই বিষয়ে ৰাজনীতি কৰিব নালাগে আৰু আমিও এই বিষয়ক ৰাজনৈতিক ইছ্যু বনাব বিচৰা নাই। আমি কেৱল আমাৰ আত্মসন্মানৰ বাবে আন্দোলন কৰিছোঁ। কাৰণ ভাৰত স্বাধীনতাত বাঙালী সমাজৰ যথেষ্ট অৱদান আছে।”
তেওঁয়ো এই বিষয়ত অধিক স্পষ্টতা দিয়াকৈ কয় — “আমি কাৰোবাক ভোটত জিকাবলৈ বা হেৰুৱাবলৈ আন্দোলন কৰা নাই। আমি কেৱল ডি ভোটাৰ সমস্যাৰ সমাধান বিচাৰিছোঁ। এই সমস্যা শেষ কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ।”
আগন্তুক দুই দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত আলোচনাত বহিব ফেডাৰেচন। যদি চৰকাৰে দাবী গ্ৰহণ নকৰে, তেন্তে আগলৈও আন্দোলন বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কেন্দ্ৰীয় সভাপতি দীপক দেৱে জনায়।
শেষত দীপক দেৱে কয় — “আমি জাতিক কোনো ৰাজনৈতিক নিৰ্দেশ নিদিওঁ। জাতিয়ে যি নিৰ্দেশ দিব, আমি সেই নির্দেশক সন্মান কৰি পালন কৰিম।”
👉 তামুলপুৰ জিলাত এই মুহূৰ্তত ডি ভোটাৰ সমস্যা লৈ জনসাধাৰণৰ মাজত এক নতুন আলোচনা-সমালোচনাৰ পৰিৱেশ সৃষ্টি হৈছে।