BTR NEWS

তামুলপুৰত ডি ডি অ’সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন*

Telegram

*তামুলপুৰত ডি ডি অ’সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন*

*তামুলপুৰ, ২৪ মাৰ্চ, ২০২৫* :

আজি তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত “ফাণ্ডামেণ্টেল ৰুল, ছাবছিডিয়েৰী ৰুল আৰু ডি ডি অ’সকলৰ দায়িত্ব” বিষয়ক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত এ এফ এছ বিষয়া নৰেন্দ্ৰনাথ বৰাই। সভাত বিষয়াসকলৰ বিভিন্ন দায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ ডিউটী, লীভ ছেলাৰী, নিযুক্তি, কাৰ্যালয়ত অনুপস্থিতি, নিলম্বন, অৱসৰ আদি সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হয়। আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপৰি বিভিন্ন বিভাগৰ ডি ডি অ’সকল উপস্থিত থাকে।

Exit mobile version