তামুলপুৰত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত উদ্যোগীৰ বৈঠক – সজাগতা সভা সম্পন্ন ৷

Telegram

তামুলপুৰত জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত উদ্যোগীৰ বৈঠক – সজাগতা সভা সম্পন্ন ৷

 

তামুলপুৰঃ৯ জুলাইঃ

তামুলপুৰ জিলা বৰনগৰস্থিত জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত জিলাখনৰ হস্ততাঁত বস্ত্ৰ উদ্যোগী সকলৰ এখন বৈঠক আৰু সজাগতা সভা অনুষ্ঠিত হয় ৷ সভা খন বন্তি প্ৰজলনৰে শুভ উদ্বোধন কৰে বিধায়ক জলেন দৈমাৰীয়ে ৷ সজাগতা সভাত উপস্থিত থাকে বিটিআৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ চি এছ ডি হিৰন্য দেৱী জিলা সহকাৰী সঞ্চালক ৰঞ্জিত মল্ল ডেকা, জিলা আয়ুক্ত পংকজ চক্ৰবৰ্ত্তী, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক ভানুলতা মছাহাৰী, অৱসৰী বিষয়া উদয় কুমাৰ গয়াৰী, সহ বিভাটোৰ বিষয়া কৰ্মচাৰী সকল ৷ সজাগতা সভাৰ আদৰনী ভাষন ত বিটিআৰ চি এছ ডি হিৰন্য দেৱীয়ে কয় যে শিপীনি সকলৰ বাবে তামুলপুৰত পাঁচটা ক্নাষ্টাৰ আছে ৷ তেওঁলোকৰ সবলীকৰনৰ লগতে হস্ততাঁত বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে শিপীনি সকলে উৎপাদন কৰি কি দৰে ব্যবসায়িক ভাৱে আগবাঢ়ি যাব তাৰ বাবেই জি আই টেগ আইন আৰু হস্ততাঁত সংৰক্ষণ (উৎপাদনৰ বাবে প্ৰবন্ধ) আইন ৰ বিষয়ে সকলো খিনি কথা জনোৱাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে ৷ এনে পদক্ষেপে হস্ততাঁত শিল্পৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন ৰ বাবে বিটিআৰ ৰ শিপীনি সকল আগবাঢ়ি যাব পাৰিব বুলিও কয় । উদ্বোধক বিধায়ক জলেন দৈমাৰীয়ে কয় যে শিপীনি সকলক বিটিআৰৰ হেণ্ডলুম মিছনৰ জৰিয়তে আৰ্থিক ভাবে সবল কৰিবলৈ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে কাম কৰি আছে ৷ শিপীনি সকলক কাৰিকৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰি মহিলা সকলৰ সবলীকৰনেৰে আমাৰ ডিজাইন সমূহ ফকাছ কৰিব বিচাৰিছো। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয় যে আজিকালি ব্যৱসায়ৰ সংঞ্জা সলনি হৈছে। গাঁৱত উৎপাদন কৰা সামগ্ৰী বিদেশতো বিক্ৰী হৈছে ৷ আমি উৎপাদন কৰা সামগ্ৰী সমূহ কেৱল উৎপাদন কৰিলেই নহ’ব , উৎপাদিত সা – সামগ্ৰী সমূহ গুনগত মানদণ্ড উন্নত হ’ব লাগিব বুলি কোৱাৰ লগতে শিপীনি সকলে আধুনিক প্ৰযুক্তি কৌশল অৱলম্বন কৰি হস্ততাঁত বস্ত্ৰশিল্পক আগুৱাই নিব লাগিব । সজাগতা সভাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ কাৰিকৰী বিষয়া জয়ন্ত দেৱ শৰ্মা আৰু উইভাৰ্চ চাৰ্ভিছ চেন্টাৰ, গুৱাহাটীৰ বিষয়া আজিজুৰ ৰহমানে সমল ব্যাক্তি হিচাপে অংশ গ্ৰহন কৰি শিপীনি সকলৰ মাজত প্ৰশিক্ষণ দিয়ে । আজিৰ সজাগতা সভাত এল ডি এম জ্যোতি প্ৰকাশ মিত্ৰ, পৌৰপতি বানীকান্ত বসুমতাৰী, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অসীম ডেকা,ডেৰশতাধিক শিপীনি সহ বিভাগীয় বিষয়া ,কৰ্মচাৰী সকল উপস্থিত আছিল ৷

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *