তামুলপুৰত জিলাভিত্তিক যোগ প্ৰতিযোগিতাৰ আয়োজন*

Telegram

*তামুলপুৰত জিলাভিত্তিক যোগ প্ৰতিযোগিতাৰ আয়োজন*

 

*তামুলপুৰ, ১২ জুন, ২০২৫* :

অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৫-ৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ১৪ জুনত জিলাভিত্তিক এখনি যোগ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উক্ত প্ৰতিযোগিতা তামুলপুৰ দুৰ্গা মন্দিৰত পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব। অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যোগৰ উপযোগিতা আৰু চৰ্চা সকলো বয়সৰ লোকৰ মাজত, বিশেষকৈ শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ কৰা। তামুলপুৰ জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতা চাৰিটা শাখাত অনুষ্ঠিত হ’ব। প্ৰথম শাখা ১০ বছৰৰ ভিতৰত; দ্বিতীয় শাখা ১০ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত; তৃতীয় শাখা ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত; আৰু চতুৰ্থ শাখা ৩৫ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ ব্যক্তিসকলৰ বাবে। জিলা প্ৰশাসনে জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ আগ্ৰহী শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। উল্লেখ্য যে তামুলপুৰৰ কচুবাৰীস্থিত শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল কাৰ্যসূচী জিলা প্ৰশাসন আৰু পতঞ্জলিৰ উদ্যোগত অনুষ্ঠিত হ’ব।

  • Related Posts

    • Current
    • June 15, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।

    Telegram

    TelegramTweetতামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন।   তামুলপুৰ, ১৫ জুন   তামুলপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত ভৱনটো আজি এক মাংগলিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়।…

    • Current
    • June 15, 2025
    • 4 views
    • 1 minute Read
    ১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇

    Telegram

    TelegramTweet১৫সংখ্যক দক্ষিণ এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত ভাৰতৰ য়াজিক হিলাঙে স্বৰ্ণ পদক জয় কৰে 🇮🇳🥇   ভূটানৰ থিম্ফুত অনুষ্ঠিত ১৫সংখ্যক South Asian Bodybuilding and Physique Sports Championship-ত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *