*তামুলপুৰত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ম’বাইল ভেন মুকলি*

Telegram

*তামুলপুৰত জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ আৰু ম’বাইল ভেন মুকলি*

 

*তামুলপুৰ, ২১ জানুৱাৰী, ২০২৫* :

 

৭৬সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগ আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ, কুমাৰীকাটাৰ সহযোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এটি জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। নিজৰ চমু ভাষণত জিলা আয়ুক্তগৰাকীয়ে কয়, “এই উদ্যোগৰ মুখ্য উদ্দেশ্য হৈছে স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰস্তুত কৰা হাতেৰে নিৰ্মিত ৰাষ্ট্ৰীয় পতাকাৰ প্ৰচাৰ-প্ৰসাৰ কৰা, অঞ্চলটোৰ বহুতো ভিতৰুৱা প্ৰান্তলৈ ইয়াক পোৱাৰ সুবিধা সুনিশ্চিত কৰা আৰু সৰ্বসাধাৰণৰ মাজত দেশপ্ৰেমৰ চেতনা জাগ্ৰত কৰা।” বিক্ৰীকেন্দ্ৰটোৰ উপৰি এখন ম’বাইল ভেনৰো আজি আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ লগতে পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰে। ভেনখনে তামুলপুৰ আৰু গোৰেশ্বৰত দুদিনৰ বাবে পৰিভ্ৰমণ কৰি এই উদ্যোগ গ্ৰাম্য জনসাধাৰণৰ মাজলৈ লৈ যাব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, পৌৰপতি বাণীকান্ত বসুমতাৰী, উপাধ্যক্ষ অৰ্চনা চৌধুৰী, অতিৰিক্ত আয়ুক্ত ড° দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত হিতেশ বড়ো আৰু অৰুণিমা কাকতি, তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ, কুমাৰীকাটাৰ অধ্যক্ষ যতীন চৰকাৰ, খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ অনন্ত কুমাৰ সিং, সাংবাদিক পেন্সনাৰ খগেন বৈশ্যসহ বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। সহকাৰী আয়ুক্ত অৰুণিমা কাকতিৰ শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *