তামুলপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি*

Telegram

তামুলপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

 

*তামুলপুৰ, ২৬ জুলাই, ২০২৫* :

 

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্রশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত গ্রীষ্মকালীন কর্মশালাৰ আজি তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰত সফল সামৰণি পৰে। অসম নাট্য সন্মিলন, তামুলপুৰ জিলা, মণিকাঞ্চন কলাকেন্দ্র, আলাইয়াৰণ হাৰিমু আফাদ, জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আদৰণী ভাষণ আগবঢ়ায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নাট, সংগীত আৰু বড়ো লোকনৃত্যত আগবাঢ়ি যাবলৈ আহ্বান জনাই চৰকাৰী বিদ্যালয় অথবা এই পৰিৱেশৰ পৰাও ছাত্ৰ-ছাত্ৰীসকলে জীৱনত আগবাঢ়ি যাব পাৰে বুলিও মন্তব্য কৰে। সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম গৌৰৱ, বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসে বন্তি প্ৰজ্বলন কৰি নিজৰ ভাষণত কয়, “ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান যিধৰণে পৰিৱেশন কৰিলে, ভৱিষ্যতৰ দিনত তেওঁলোকে একো একোজন শিল্পী হিচাপে সমাজক কিছু বাৰ্তা দিবলৈ সক্ষম হ’ব।” ভাষণত তেওঁ আৰু কয়, “আজি এই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য-গীতে সকলোলৈকে সুখ কঢ়িয়াই আনিছে। পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধিক লৈ ছাত্ৰ-ছাত্ৰীসকলে মূকাভিনয়ৰ জৰিয়তে পৰিৱেশন কৰা নাটে সমাজৰ বাবে এক সুন্দৰ বাৰ্তা দিব পাৰিছে। মই অভিনন্দন জনাইছো ৷ গ্ৰীষ্মকালীন কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলে শিকি-বুজি পৰিৱেশন কৰা কলা-কৌশল দেখি মই আচৰিত আৰু বাকৰুদ্ধ হৈ পৰিছো।” আজিৰ এই সামৰণী অনুষ্ঠানত বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা, সাংস্কৃতিক বিষয়া সিদ্ধাৰ্থ কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত কবিতা ফাংছ’, অনুপম ডেকাৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ৭ জুলাইৰ পৰা তামুলপুৰ জিলাৰ চাৰি ঠাইত অনুষ্ঠিত হোৱা নাট, সংগীত আৰু বড়ো লোকনৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ প্ৰশিক্ষণ হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা অভিজিৎ দাস, সংগীত পৰিচালক শ্যামল দাস, মলেন ৰাভা আদি। ইপিনে আজিৰ সামৰণী অনুষ্ঠানতে গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ‌ও প্ৰদান কৰা হয়।

  • Related Posts

    তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

    Telegram

    TelegramTweetতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…

    বিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)

    Telegram

    TelegramTweetবিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)   📍গোৰেশ্বৰ, BTR: বটলেণ্ড টেৰিট’ৰিয়েল কাউনচিল (BTC) অধীন গোৰেশ্বৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *