তামুলপুৰত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণিঃ
তামুলপুৰ,১৬ জুলাইঃ
তামুলপুৰ জিলা ক্ৰিকেট এছ’চিয়েশ্বনৰ উদ্যোগত যোৱা ২ জুলাইৰ পৰা তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হোৱা ১৫ দিনীয়া গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সফল সামৰণি পৰে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ আনকি বহিঃৰাজ্য বিহাৰ, নতুন দিল্লী, হাৰিয়ানা আদিকে ধৰি প্ৰায় চাৰিশ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ সামৰণি উপলক্ষে অনুষ্ঠিত এক সভাত আজি প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয় ৷
আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱৰ্তী, তামুলপুৰ মহকুমা ক্ৰীড়া বিষয়া দেবাঙ্গ মহিলাৰী, বিটিআৰৰ মনোনীত পাৰিষদ তথা তামুলপুৰ জিলা ক্ৰিকেট এছ’চিয়েশ্বনৰ সভাপতি হেমন্ত কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি দেৱেন দাস, কোষাধ্যক্ষ আলাউদ্দিন আহমেদ, প্ৰশিক্ষকদ্বয় পৰাগ বৰ্মন আৰু জীৱন বৰ্মন, তামুলপুৰ জিলা ক্ৰিকেট এছ’চিয়েশ্বনৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া,তামুলপুৰ ক্ৰিকেট একাডেমীৰ সভানেত্ৰী টিনা ব্ৰহ্ম,সম্পাদক ৰূপম মহন্ত সহ প্ৰায় চাৰি শতাধিক ক্ৰিকেট খেলুৱৈ আৰু অভিভাৱক উপস্থিত থাকে।##