
তামুলপুৰত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ ৷
তামুলপুৰঃ২ জুনঃ
তামুলপুৰ জিলা সদৰস্থ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা তামুলপুৰ জিলা ক্ৰিকেট এচোছিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এটি গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ।আজি পুৱাৰ ভাগত এই শিবিৰটোৰ শুভ উদ্বোধন উপলক্ষে পুৱা পতাকা উত্তোলন কৰেে তামুলপুৰ জিলা ক্ৰিকেট এচোছিয়েশ্যনৰ সভাপতি তথা বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভাই ৷ শিবিৰটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। উক্ত শিবিৰত তামুলপুৰ জিলাৰ তানিখন ক্ৰিকেট একাডেমি, তামুলুৰৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহিঃৰাজ্য বিহাৰ, নতুন দিল্লী, হাৰিয়ানা আদিৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। খেলুৱৈসকলক এই প্ৰশিক্ষণৰ সময়ছোৱাত থকা খোৱাৰ সুব্যৱস্থাৰ দিহা কৰা হৈছে বুলি তামুলপুৰ জিলা ক্ৰিকেট এচোছিয়েশ্যনে জানিবলৈ দিয়ে। শিবিৰত প্ৰশিক্ষক পৰাজ বৰ্মন সহকাৰী প্ৰশিক্ষক জীৱন বৰ্মন আৰু অসম ক্ৰিকেট সন্থাৰ পৰা প্ৰশিক্ষক আহি প্ৰশিক্ষণ দিব ৷
আজিৰ এই কাৰ্যসূচীত , অসম ক্ৰিকেট এচোছিয়েশ্যনৰ এপেক্স কাউঞ্চিলৰ মেম্বাৰ মিনু আলম সহ তামুলপুৰ ক্ৰিকেট এচোছিয়েশ্যনৰ কাৰ্যকৰী সভাপতি দেবেন দাস সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া সহিতে সদস্য তথা প্ৰায় তিনি শতাধিক ক্ৰিকেট খেলুৱৈ অভিভাৱক সকল উপস্থিত থাকে। ক্ৰিকেট শিবিৰটো অহা ১৬ জুলাইত সামৰণি পৰিব।