তামুলপুৰত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত ভাই টিকা উৎসৱ পালন।

Telegram

 

Date:- 4 November 2024,

 

 

তামুলপুৰৰ নাগ্ৰিজুলী ভাওৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত সদৌ অসম গোৰ্খা ছাত্র সন্থা চমুকৈ আগছু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত পুৱ ডেফেলী- কুমাৰীকাটা আঞ্চলিক সমিতিৰ সহযোগত আৰু নাগ্ৰিজুলী আঞ্চলিক সমিতিৰ আতিথ্যত পৱিত্ৰ তিহাৰ উৎসৱ উপলক্ষে সামুহিক ভাতৃ দ্বিতীয় উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি আবেলি ৪ বজাত মঞ্চ উদঘাটন, ৪,৩০ বজাত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রী পদুম বাহাদুৰ চৌহানে তাৰ পিছতে ৫ বজাৰ পৰা প্ৰথম বাৰ্ষিক সামুহিক ভাতৃ দ্বিতীয় উদযাপনৰ মুকলি সভা আৰম্ভ হয়। উক্ত মুকলি সভাৰ সভাপতিত্ব কৰে তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সভাপতি প্ৰকাশ লামায়ে। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ। উল্লেখ্য যে গোৰ্খালী লোক সকলে পালন কৰা তিহাৰ উৎসৱটিৰ অন্তিম পৰ্বটো হল ভাই ফোটা৷ এই পৰ্ব শুক্ল পক্ষৰ দ্বিতীয়া তিথিত অনুষ্ঠিত হয়৷ উৎসৱটিৰ এই পৰ্বটো বিশেষকৈ ভগ্নী সকললৈ উৎসৰ্গিত৷ ইয়াত ভগ্নীয়ে ভাই ফোটা পৰ্বৰ সকলো আয়োজনৰ গুৰি ধৰে৷ এই আয়োজনে এজন ভাতৃ বা ভ্ৰাতাৰ বাবে এসাজ জলপান, ভাতৰ পৰা আৰম্ভ কৰি পৰ্বটিত প্ৰয়োজন হোৱা সকলো বস্তু-সামগ্ৰী, উপহাৰ ইত্যাদিবোৰক সামৰে৷ এই ভাই ফুটা পৰ্বত ভগ্নী বা বাইদেউয়ে ভাই- ককায়েকক কপালত ফোট দিয়ে৷ ভাই বা ককায়েকক নিজ হাতেৰে এঢোক দৈ পান কৰাই ভাই ফোটা আৰম্ভ কৰে৷ এই ফোটা উৰ্ধকাৰে লগোৱা হয়৷ ইয়াত সাতটা ৰঙৰ সমষ্টি থাকে৷ এই ভাই ফুটা উপলক্ষ্যত কেৱল নাৰ্জি ফুল ব্যৱহাৰ কৰা হয়৷ ভগ্নী বা বাইদেউ ভাই ফুট প্ৰদান কৰি ভাই/ককায়েকৰ দীৰ্ঘায়ু তথা যশ-কৃতিৰ কামনা কৰে৷ এই পৰ্বটোত ভগ্নী বা বাউদেউৰ হাতৰ পৰা ফুট গ্ৰহণ কৰা পিছত ভায়েক বা ককায়েকেও ভগ্নী বা বাইদেউক ফুট প্ৰদান কৰি, সুখী জীৱনৰ কামনা কৰে৷ ফুট বিনিময়ৰ অন্তত উপহাৰসমুহৰ আদান-প্ৰদান আৰু চাহ- জলপান, এসাজ ভাতৰ আয়োজন হয়। এই উৎসৱটি দুৰ্গা পূজাৰ ঠিক পোন্ধৰ দিনৰ পিছত পাঁচদিন ধৰি গোৰ্খা জনগোষ্ঠীৰ লোকসকলে উলহ-মালহেৰে পালন কৰি অহা তিহাৰ উৎসৱটি শৰৎ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ পৰা আৰম্ভ হয় আৰু পৰৱৰ্তী পাঁচ দিনলৈকে চলি একে মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত ভাইফোট পৰ্বৰে অন্ত হয়।

  • Related Posts

    তামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন

    Telegram

    TelegramTweetতামুলপুৰ জিলা গোৰ্খা ছাত্র সন্থাৰ সাধাৰণ সভা সম্পন্ন, নতুন আঞ্চলিক সমিতি গঠন   তামুলপুৰ, ১০ এপ্ৰিলঃ তামুলপুৰৰ গেৰুৱাত আজি সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত এখনি সাধাৰণ…

    বিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)

    Telegram

    TelegramTweetবিটিচিৰ গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU)   📍গোৰেশ্বৰ, BTR: বটলেণ্ড টেৰিট’ৰিয়েল কাউনচিল (BTC) অধীন গোৰেশ্বৰ অঞ্চলত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণ প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *