
তামুলপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ।
পতাকা উত্তোলন কৰি জিলাখনৰ উন্নয়নৰ কথা দোহাৰী ভাষণ প্ৰদান।
ইয়াৰ পিছতেই ৯ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি SSB, আৰক্ষী, NCC, আৰ্মিৰ বেণ্ড সহ ৩৩৯ গৰাকীৰ মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ।
তামুলপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা– হাতী মানুহৰ সংঘাত, মাদক দ্ৰব্য সেৱনৰ ফলত পথ দূৰ্ঘটনা, জনস্বাস্থ্য কাৰিকৰী, হস্ততাঁত বস্ত্ৰশিল্প আদি সজাগতামূলক প্ৰদৰ্শন।
সমান্তৰালভাৱে গুৱাহাটী ফ্ৰন্টিয়াৰ SSB ৰ পৰা কেন্দ্ৰীয়ভাৱে ড’গ শ্ব’ ।
ইণ্ডিয়ান আৰ্মিৰ পাইপ বেণ্ড আৰু অত্যাধুনিক আৰ্মচ এণ্ড এমিউনেশ্যন প্ৰদৰ্শন আদি কেতবোৰ আটকধুনীয়া কাৰ্যসূচী ৰূপায়ণ।
বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, স্বেচ্ছাসেৱী সংস্থা, শিল্পী, কলা কুশলীৰ দ্বাৰা দেশভক্তিমূলক গীত, নৃত্য প্ৰদৰ্শন, যোগাভ্যাস প্ৰদৰ্শন আদি কৰা হয়।