তামুলপুৰত কোচ ৰাজবংশী সম্মিলনীৰ প্রতিষ্ঠা দিৱস আৰু সম্বর্দ্ধনা সভাৰ আয়োজন
তামুলপুৰ,১২ জুলাইঃ
তামুলপুৰত তামুলপুৰ জিলা কোচ ৰাজবংশী সম্মিলনীৰ অষ্টম বাৰ্ষিক প্রতিষ্ঠা দিৱস আৰু সম্বর্দ্ধনা সভা কাইলৈ ১৩ জুলাইত তামুলপুৰস্থিত চিলাৰায় ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব ৷জিলাখনৰ হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিব ৷তদুপলক্ষে উক্ত অনুষ্ঠানত সাংসদ তথা বিজেপি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক জলেন দৈমাৰী,সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ, বিজেপি তামুলপুৰ জিলাৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, ধৰ্মনাৰায়ণ দাস, পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী,হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, চণ্ডী বসুমতাৰী, বিটিচিৰ কেন্দ্ৰীয় বাচনি পৰিষদৰ সদস্য কৰণ চেত্ৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।ইপিনে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া প্রতিষ্ঠা দিৱস আৰু সম্বর্দ্ধনা সভাত ৰাইজৰ সহায় সহযোগিতাৰ উপৰি উপস্থিতি কামনা কৰিছে তামুলপুৰ জিলা কোচ ৰাজবংশী সম্মিলনীৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক কনক বৰ্মনে ৷#