তামুলপুৰত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল ।

Telegram

তামুলপুৰত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোৰ সমদল :

তামুলপুৰ , ৬ নৱেম্বৰ :

কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা , ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু মিছন বসুন্ধৰা ৩.০ চৰ্তহীন ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত আজি সদৌ তামুলপুৰ জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই এক জোৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তামুলপুৰস্থিত চিলাৰায় ভৱনৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে সমদলটো আগবঢ়াত বাধা প্ৰদান কৰে ।
ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতি লাগে । ইয়াৰ মাজতেই
আৰক্ষীৰ বেহুভাঙি হাতত জোৰ হৈ প্ৰতিবাদকাৰীসকল কিছু আগুৱাই যায় ।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, আমাক কমতাপুৰ লাগিবই, হিমন্ত বিশ্ব শৰ্মা হায় হায়, আমাক জনজাতিকৰণ কৰক, এছ টি আমাক লাগিবই , নো এছ টি নো ৰেষ্ট
, জয় শুক্লধ্বজ আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।
তামুলপুৰস্থিত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা বাহিৰ হোৱা জোঁৰ সমদলটোক আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও একাংশ প্ৰতিবাদকাৰীয়ে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথত জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এই সকল প্ৰতিবাদকাৰীৱেও বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে । অৱশ্যে কিছু সময় পিছত অতি শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি মাৰে । প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক শংকৰ ৰাজবংশী , সদৌ তামুলপুৰ জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মতিকান্ত বৰ্মন , সাধাৰণ সম্পাদক মানস দাস , উপদেষ্টা দীপক ৰায় আৰু ভূমিধৰ দাস আদিকে ধৰি শতাধিক ছাত্ৰ নেতা কৰ্মী আৰু জনগোষ্ঠীটোৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *