তামুলপুৰত কেইবাটাও পথ দলঙৰ আধাৰশিলা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ :
তামুলপুৰ , ১ ডিচেম্বৰ :
বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি তামুলপুৰৰ ভিন্ন স্থানত কেইবাটাও পথ দলঙৰ আধাৰশিলা স্থাপন কৰে । বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি পুৱাই প্ৰথমে বাথাবাৰী গাওঁত পথ নিৰ্মাণৰ আধাৰশিলা , গেৰুৱা গাওঁত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পিছত মটঙাচকত পি ডব্লিউ ডিৰ ভৱনৰ শুভাৰম্ভ কৰে । তাৰ পিছত তেওঁ ট্ৰাইবেল সংঘৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা , কলবাৰী খাটপাৰাত পথ নিৰ্মাণৰ আধাৰশিলা , হাগ্ৰামাৰীত পথ নিৰ্মাণৰ আধাৰশিলা , বৰলীয়াপাৰ গাওঁত পথ নিৰ্মাণৰ আধাৰশিলা , বৰলীয়াপাৰত আৰ চি চি দলঙৰ আধাৰশিলা , পথাৰপাৰত বিষ্ণুৰাভা উদ্যানৰ আধাৰশিলা স্থাপন কৰে । এই আটাইবোৰ কাৰ্যসূচীত সহযোগ কৰে তামুলপুৰৰ বিধায়ক জলেন বিধায়ক জলেন দৈমাৰী , বিটিআৰৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়ো , প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী আদিকে ধৰি কেইবাজনো দলীয় নেতাই ।