তামুলপুৰত কলিতা আলপাইন জনগোষ্ঠীৰ জোৰ লৈ সমদল :
১৩ নৱেম্বৰ :
সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ নিৰ্দেশ মৰ্মে তামুলপুৰ জিলা কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আহ্বানত আজি তামুলপুৰত কলিতা জনগোষ্ঠীক বসুন্ধৰা ৩ দ্বাৰা ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত আৰু কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এক জোৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তামুলপুৰ পুৰাণ চকৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী জোৰ সমদলটোক আৰক্ষীয়ে আৰম্ভনিতে বাধা আৰোপ কৰে যদিও আৰক্ষীৰ বেহু ভেদ কৰি পুনৰ তামুলপুৰৰ ৰাজপথত একাংশ প্ৰতিবাদকাৰীয়ে জোৰ সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথত কলিতা জনগোষ্ঠীক জনজাতি কৰন কৰা , মিছন বসুন্ধৰা আঁচনিত কলিতা জনগোষ্ঠীৰ লোক সকলৰ ভূমিৰ সমস্যা সমাধান কৰাৰ দাবী তোলে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায় , ইউ পি পি এল চৰকাৰ হায় হায় , প্ৰমোদ বড়ো মুৰ্দাবাদ , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , আমাৰ দাবী ন্যায্য দাবী , আমাক এছ টি লাগিবই আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি ডাঃ ৰমেন কুমাৰ কাকতি , সাংগঠনিক সম্পাদক বিপুল চন্দ্ৰ লহকৰ , প্ৰচাৰ সম্পাদক নৃপেন বৰা , জিলা সভাপতি বিশ্বজিৎ ডেকা , কাৰ্যকৰী সভাপতি ভূপেন্দ্ৰ কলিতা , সাধাৰণ সম্পাদক মোহন কলিতা , প্ৰাক্তন জিলা সম্পাদক ধীৰাজ কলিতা , কানু কলিতা , জিলা সমিতিৰ সহকাৰী সম্পাদক দীনবন্ধু কলিতা আদিকে ধৰি এঘাৰ খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সদস্যৰ লগতে পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে ।