BTR NEWS

তামুলপুৰত এৱছুৰ বিশাল পদ যাত্ৰা ।

Telegram

তামুলপুৰত এৱছুৰ বিশাল পদ যাত্ৰা ।

 

 

তামুলপুৰ ১৪ জুলাই :–

” Live & Let Live ” বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ মুল মন্ত্ৰ আগত লৈ আজি তামুলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় এক সমন্বয় সজাগতা সমদল। নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে কেবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃত্বত উলিওৱা উক্ত কাৰ্যসূচীত সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰি সমন্বয় সজাগতা সমদলটো উলিওৱা হয়। সমগ্ৰ অসমত বসবাস কৰা প্ৰতিটো জাতি- জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ ৰক্ষা কৰাৰ স্বাৰ্থত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শৰে সকলোকে উদ্ধুদ্ধ হবলৈ আহ্বান জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃবৰ্গই । সহশ্ৰাধিক লোকে অংশগ্ৰহণ কৰা সমদলটোৱে প্ৰায় পাচ কিলোমিটাৰ পথ সমদল কৰি সজাগতা অনাৰ চেষ্টা কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। আজিৰ এই সমদলত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি উমেশ বড়ো, তামুলপুৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি বাচিৰাম বড়ো, উপ সভাপতি ফুকন বড়ো, সহ সম্পাদক মনেশ্বৰ বড়ো, বড়ো সাহিত্য সভা, বাথৌ মহাসভাৰ লগতে তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অন্তৰ্গত ৮ টা আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে ছাত্ৰ নেতা সকলক উপস্থিত থাকে।

Exit mobile version