তামুলপুৰত এজন আৰক্ষী বিষয়াৰ মহানুভৱতা
তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এজন অনন্য দৃষ্টান্ত সদৰী হৈছে।
কাউলী হৰিচাঁদ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী হীমাদ্ৰি ৰায়ৰ বিদ্যালয় চৌহদৰ পৰা যোৱা শুক্ৰবাৰে চুৰি হৈ গ’ল তেওঁৰ চাইকেল খন। এই ঘটনাৰ পিছত ছাত্ৰী গৰাকী গভীৰ হতাশাত পৰিছিল আৰু বিদ্যালয় চৌহদত হাহাকাৰৰ পৰিৱেশ সৃষ্টি হৈছিল।
এই খবৰ লাভ কৰি কুমাৰীকাটা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰাজেন বড়ো অতি সংবেদনশীল ভূমিকা গ্ৰহণ কৰে। তেওঁ আজিৰ দিনটোত বিদ্যালয়ত উপস্থিত হৈ হীমাদ্ৰি ৰায়ক এখন নতুন চাইকেল প্ৰদান কৰে।
এই পদক্ষেপত উৎফুল্লিত হয় ছাত্ৰী গৰাকী। মুখত হাঁহি বিৰিঙি উঠে আৰু নতুনকৈ বিদ্যালয়লৈ যাব পৰা সুযোগ লাভ কৰিলে হীমাদ্ৰিয়ে।
আনহাতে, আৰক্ষী বিষয়াৰ এনে মহানুভৱতাৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় সচেতন মহলে প্ৰশংসাৰে উপচায় দিয়ে । সকলে ৰাজেন বড়োক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কয় যে, সমাজত এনে দৃষ্টান্তই মানুহৰ মাজত মানৱতা আৰু সদিচ্ছা বঢ়াই তোলে।
👉 এই ঘটনাই প্ৰমাণ কৰিছে, আৰক্ষী কাৰ্য্যৰ পৰা মানুহৰ বিশ্বাস বৃদ্ধি কৰিবলৈ মানৱীয় দৃষ্টিভংগীই আটাইতকৈ বেছি প্ৰয়োজন।